ডিজিটেল ডেস্কঃ পাকিস্তানৰ মদদ পুষ্ট সন্ত্ৰাসবাদীয়ে পুনৰ ভয়াবহ আক্ৰমণ সংঘটিত কৰিলে জম্মু-কাশ্মীৰত৷ মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ শ্রীনগৰৰ গোগো হুমহমাস্থিত বিএছএফৰ চাউনিত সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ চলায়। আক্ৰমণত বিএছএফৰ এগৰাকী উচ্চ পদস্থ বিষয়া শ্বহীদ হোৱাৰ লগতে তিনিজন সেনা জোৱান গুৰুতৰ ভাবে আহত হয়৷ আনহাতে বিএছফে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰাত বহু সময় ধৰি গুলিয়াগুলি চলে৷

ফলত বিএছএফৰ হাতত তিনি দুধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়৷ জানিব পৰা মতে, শ্রীনগৰ বিমানবন্দৰৰ সমীপৰ বিএছএফৰ ১৮২নং বেটেলিয়ানৰ চাউনিত আক্ৰমণ চলায় তিনি সন্ত্ৰাসবাদীয়ে। পুৱতি নিশা প্ৰায় ৪-৩০ বজাত অতৰ্কিতে আক্ৰমণ চলাই বিএছএফৰ চাউনিত সোমাবলৈ চেষ্টা চলােৱাৰ কথা অৱগত হোৱাত বিএছএফৰ জোৱানে প্ৰত্যাক্ৰমণ কৰে।

তিনি সন্ত্ৰাসবাদীয়ে এটি ঘৰত থিতাপি লৈ আক্ৰমণ সংঘটিত কৰাত সেনা, চিআৰপিএফ, বিএছএফ আৰক্ষী সহিতে ঘৰটো গেৰি লয়৷ ফলত দুয়ো পক্ষৰ সংঘৰ্ষ লাগে৷ সংঘৰ্ষৰ ফলত বিমানৰ সেৱা বন্ধ কৰি দিয়াৰ লগতে বিমানবন্দৰলৈ আহ-যাহ কৰা সকলো পথ বন্ধ কৰি দিয়া হয়। সোতৰ বছৰ পুৰ্বে ২০০০ চনত শ্রীনগৰ বিমানবন্দৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ সংঘটিত কৰাৰ চেষ্টা চলাইছিল যদিও ভাৰতীয় সেনাৰ তৎপৰতাত বিফল হয় সন্ত্ৰাসবাদীৰ পৰিকল্পনা৷