newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সেনাৰ সংঘৰ্ষত দুগৰাকী সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে। কাশ্মীৰৰ লোলাব কুপৱাৰাত সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত দুই সন্ত্ৰাসবাদী নিহত হোৱা বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইট কৰে।
বিশেষ খবৰৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে সেনা আৰু আৰক্ষীক লক্ষ্য কৰি গুলিবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দিয়ে সেনা আৰক্ষীয়ে। দীৰ্ঘ সময় সংঘৰ্ষৰ অন্তত অস্ত্ৰ সহ সন্ত্ৰাসবাদীৰ দুটা মৃতদেহ উদ্ধাৰ হয়।
আনহাতে জম্মু কাশ্মীৰৰ এটা বেংকৰ শাখাৰ পৰা নিৰাপত্তাপৰক্ষীৰ ৰাইফল কাঢ়ি নিয়ে সন্ত্ৰাসবাদীয়ে। অনন্ত নাগৰ বৰাকপোৰাত বেংকৰ ভিতৰত সন্ত্ৰাসবদীৰ দল সোমাই সকলোকে অস্ত্ৰ দেখুৱাই ঘেৰি লয় আৰু নিৰাপত্তাৰক্ষীৰ পৰা ৰাইফল লৈ উধাও হয়।