গুৱাহাটীঃ সদৌ অসম টে’ট উত্তীৰ্ণ শিক্ষকে শনিবাৰে পুৱা ১১ বজাৰপৰা আৰম্ভ কৰিছে 'দিছপুৰ চলো’ কাৰ্যসূচী।

সমগ্ৰ ৰাজ্যৰপৰা হাজাৰ হাজাৰ শিক্ষক আহি খানাপাৰা ফিল্ডত একত্ৰিত হৈ অতি সুশৃংখলিতভাৱে দিছপুৰ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈছে।

চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম টে’ট শিক্ষক সমাজে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী ৰোধিবলৈ ব্যাপক প্ৰস্তুতিৰে সমৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰক্ষী প্ৰশাসনে। প্ৰতিবাদী শিক্ষকক বাধা দিবলৈ নিৰ্মাণ কৰা হৈছে ১২ টাতকৈ অধিক বেৰিকেড। শুকুৰবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে হোৱা বৈঠকৰ পাছতে আন্দোলনটোক বিফল কৰিবলৈ চৰকাৰী পক্ষই নেতৃত্বক কিছুপৰিমাণে ভাগ ভাগ কৰিবলৈ সক্ষম হয় যদিও দাবীৰ ন্যায্যতাৰ বাবে আজি প্ৰতিবাদলৈ হাজাৰ হাজাৰ শিক্ষক ওলাই আহে।

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি পদৰপৰা ৰহস্যজনকভাৱে পদত্যাগ কৰিলে পদ্মলোচন দলে। বৈঠকৰ পাছতে সদৌ অসম প্ৰাথমিক টে’ট উত্তীণ শিক্ষক সমাজ আন্দোলনৰ পক্ষত থকাৰ বিপৰীতে আন্দোলনৰ বিৰোধিতা কৰে ষ্টেট পুল আৰু এছচি, এছটি এছ'চিয়েচনে।

ইয়াৰ মাজতো আজিৰ প্ৰতিবাদে দিছপুৰ কঁপাই তুলিবলৈ সক্ষম হৈছে। শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিক্ষক সমাজৰ বিৰোধি স্থিতিৰ বাবেই এনেদৰে শিক্ষাগুৰুসকলে ৰাজপথলৈ ওলাই আহিবলগীয়া হোৱাত সকলোৱে চৰকাৰক ধিক্কাৰ দিছে।

টে’ট উত্তীৰ্ণ শিক্ষকসকলে তেওঁলোকল চাকৰি বিনাচৰ্তে নিয়মীয়া কৰিবলৈ দাবী জনোৱাৰ লগতে মন্ত্ৰী ভট্টাচাৰ্যই কোৱাৰ দৰে কোনো কাৰণতে তেওঁলোকে পুনৰ টে’টত অৱতীৰ্ণ নহয় বুলি সকীয়াই দিছে।

যিসময়ত কলেজত শিক্ষকতাৰ বাৰে এবাৰেই 'নেট’ বা 'শ্লেট’ উত্তীৰ্ণ হ’ব লাগে, তেনে সময়ত এবাৰ টে’ট উত্তীৰ্ণসকলে কি যুক্তিত পুনৰ টে’টত বহিব লাগিব বুলি মন্ত্ৰী ভট্টাচাৰ্যই ক’ব পাৰে বুলি শিক্ষকসকলে প্ৰশ্ন কৰে। এয়া তেওঁলোকৰ আত্মসন্মানৰ প্ৰশ্নও বুলি তেওঁলোকে জনাই দিয়ে।