Newsnextone | ডিজিটেল ডেস্কঃ আমেৰিকাৰ টেক্সাচত এখন হাইস্কুলত ছাত্ৰ এজনে কৰা নিৰ্বিচাৰ গুলিচালনাত ১০ জনকৈ লোক নিহত হৈছে। ইয়াৰে বেছিভাগেই সেইখন স্কুলৰে ছাত্ৰ আছিল জানিব পৰা গৈছে। হাউষ্টনৰ পৰা  ৫০ কিলোমিটাৰ নিলগৰ চান্তা ফে চহৰৰ চান্তা ফে হাইস্কুলত এই নিৰ্মম ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে শ্বট গান আৰু পইণ্ট ৩৮ ৰিভলভাৰেৰে ছাত্ৰজনে টেক্সাচৰ দক্ষিণ-পূৱ এলেকাত থকা চহৰ চান্তা ফে’ৰ হাইস্কুলখনত নিৰ্বিচাৰ গুলিচালনা কৰে। হাইস্কুলখনৰ সহযোগী অধ্যক্ষ খ্ৰীছ ৰিচাৰ্ডছনৰ ভাষ্যমতে ছাত্ৰজনক ইতিমধ্যে আটক কৰা হৈছে।     

আবেলিৰ ভাগত হোৱা এই গুলিচালনাত এগৰাকী বিষয়াৰ লগতে ভালেকেইজন ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। শ্ৰেণীকোঠাত পাঠদান চলি থকা অৱস্থাতে হঠাত একেলেঠাৰিয়ে পাঁচোটাকৈ গুলিৰ শব্দ শুনি হাইস্কুলখনৰ চৌহদত আতংকৰ পৰিৱেশ সৃষ্টি হয়। লগে লগে শিক্ষক-শিক্ষয়েত্ৰীৰ নিৰ্দেশনাত সকলোৱে যেনিয়ে য’তে পায় তাতে লুকাই পৰে। ৪৫ মিনিটৰ পিছত উদ্ধাৰকাৰ্য আৰম্ভ হয়। 

গেলভেষ্টনস্থিত দা ইউনিভাৰ্চিটি অব টেক্সাচ মেডিকেল ব্ৰাঞ্চত সম্প্ৰতি দুজন আঘাতপ্ৰাপ্তৰ চিকিৎসা চলি আছে। সংকটজনক অৱস্থাত থকা আঘাতপ্ৰাপ্ত এজনক হেলিকপ্টাৰেৰে নিয়া বুলি চিকিৎসা কৰ্তৃপক্ষই জনায়। ঘটনাত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গভীৰ শোক প্ৰকাশ কৰি টুইট কৰিছে। 

যুক্তৰাষ্ট্ৰৰ মাৰাত্মক অস্ত্ৰ নিয়ন্ত্ৰণ আৰু অধিকাৰ বিষয়ক আইনখন সম্প্ৰতি বিতৰ্কৰ মাজত থকাৰ মাজতে এই ঘটনাই চৰকাৰৰ প্ৰতি সমালোচনাৰ বাট মুকলি কৰাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে। 

ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী ১৪ত ফ্ল’ৰিডাস্থিত এমএছডি হাইস্কুলত এজন দুৰ্বৃত্তই নিৰ্বিচাৰে গুলিচালনা কৰি ১৭ জনকৈ ছাত্ৰ-কৰ্মচাৰী হত্যা কৰিছিল। উল্লেখ্য যে যোৱা সাত দিনত এয়া তৃতীয়টো গুলিচালনাৰ ঘটনা। বছৰটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈ এনে গুলিচালনাৰ ঘটনা বাইশটা সংঘটিত হৈছে।