13
May
তেজপুৰঃ অসমবাসীৰ বাবে বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ এতিয়া আন এক বিতৰ্কৰ সৃষ্টি হৈছে। এন আৰ চি সম্পৰ্কে আপত্তি দৰ্শোৱা লোকক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ। এচাম লোকে ষড়যন্ত্ৰমুলকভাৱে যধে মধে আপত্তি দৰ্শাই সংখ্যালঘু লোকক হাৰাশাস্তি কৰা বুলি একাংশ দল সংগঠনে অভিযোগ উত্থাপন কৰিছে।
এই বিষয়টো লৈ সোমবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ শোনিতপুৰ জিলা সমিতিয়ে নলবাৰী উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে।
এইদৰে ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰি এন আৰ চি সম্পৰ্কে আপত্তি দৰ্শোৱা লোকক শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তীব্ৰ দাবী উত্থাপন কৰে। এই লৈ তেজপুৰ চহৰত আজি আমছুই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।