তেজপুৰঃ তেজপুৰৰ কলিয়াভোমোৰা সেতুত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান নতুন দলঙৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি সংবাদ মাধ্যমক সম্বোধন কৰে। কলিয়াভোমোৰা সেতুত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান নতুন দলং পৰিদৰ্শন কৰি বিষয়াবৰ্গ আৰু অভিযন্তাসকলৰ সৈতে কাম-কাজৰ অগ্ৰগতিৰ ওপৰত পৰ্যালোচনা কৰে৷

৫৮৮.৯৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা কলিয়াভোমোৰা সেতুৰ সমীপৰ এই দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰি যাতায়াত-যোগাযোগ ব্যৱস্থাক নতুন গতি দিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ২০২০ৰ ভিতৰত দলং খন ৰাইজৰ বাবে মুকলি কৰা হ’ব বুলিও উল্লেখ কৰে৷