অপুৰ্ব বৰা, তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বাৰ দেওবাৰে নিশা ১২:৪৫ বজাত দিল্লীৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।
পৰিয়ালৰ লোকে এই কথা ফোনযোগে জানিবলৈ দিয়ে। বিগত কেইবাবছৰ ধৰি অসুস্থ হৈ থকাৰ পাছত যোৱা নিশা অমায়িক নেতাজনৰ পৰলোকপাপ্তি ঘটে।
তেওঁৰ মৃত্যুত তেজপুৰ লোকসভা সমষ্টিত শোকৰ ছাঁ পৰিছে। একালৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা তথা তেজপুৰৰ প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বাই দুবাৰকৈ নাওবৈচা সমষ্টিৰ বিধায়ক তথা তেজপুৰ লোকসভা সমষ্টিৰপৰা তিনিবাৰকৈ সাংসদ হৈছিল। চুব্বা ২০১৪ চনৰপৰাই উচ্চ ৰক্তচাপত অসুস্থ হৈ হুইল চেয়াৰত জীৱন কটাই আছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাই থকাৰ সময়তে হাৰ্ট এটেক হৈ তেওঁ অসুস্থ হৈ পৰিছিল৷
তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বাৰ দেওবাৰে নিশা ১২:৪৫ বজাত দিল্লীৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। পৰিয়ালৰ লোকে এই কথা জানিবলৈ দিছে।
বিগত কেইবাবছৰ ধৰি অসুস্থ হৈ থকাৰ পাছত যোৱা নিশা তেওঁৰ পৰলোকপাপ্তি ঘটে। তেওংৰ মৃত্যুত তেজপুৰ লোকসভা সমষ্টিত শোকৰ ছাঁ পৰিছে। একালৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা তথা তেজপুৰৰ প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বাই দুবাৰকৈ নাওবৈচা সমষ্টিৰ বিধায়ক তথা তেজপুৰ লোকসভা সমষ্টিৰপৰা তিনিবাৰকৈ সাংসদ হোৱা ৰাজনৈতিক নেতা চুব্বা ২০১৪ চনৰপৰাই উচ্চ ৰক্তচাপজনিত ৰোগত অসুস্থ হৈ হুইল চেয়াৰত জীৱন কটাই আছিল।
চুব্বাৰ বিয়োগৰ বাতৰি পোৱাৰ লগে লগে কংগ্ৰেছৰ বিভিন্ন নেতা-কৰ্মীৰ লগতে চুব্বাৰ পৰিয়ালৰ লোকে দিল্লীৰ বাসগৃহত ভীৰ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গ’ল।