অপুৰ্ব বৰা, তেজপুৰঃ তেজপুৰৰ লগতে শোণিতপুৰৰ সংবাদ ক্ষেত্ৰখনৰ অভিভাৱক স্বৰূপ, বিশিষ্ট সাংবাদিক প্ৰয়াত প্ৰণৱ সিংহৰ পঞ্চম মৃত্যুবাৰ্ষিকী পহিলা মে’ দিনটোত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত অনুষ্ঠিত বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত এইবাৰ কন্ঠশিল্পী পংকজ বৰদলৈ আৰু প্ৰবীণ সাংবাদিক নাথমল টিব্ৰেৱালাক প্ৰণৱ সিংহ বঁটা প্ৰদান কৰা হয়।

শোণিতপুৰৰ উপায়ুক্ত নৰসিং পৱাৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে প্ৰণৱ সিংহৰ ভাই বোৱাৰী, অধিবক্তা দুলুমণি সিংহই।

স্মৃতিচাৰণ কৰে ডক্টৰ প্ৰাণজিৎ হাজৰিকা, হেমন্ত কুমাৰ বৰুৱা, ৰাজেন বৰঠাকুৰ, বংকিম শৰ্মা, ডক্টৰ ভূপেন শইকীয়া, ভূৱন গগৈ আদিয়ে।