অপুৰ্ব বৰা, তেজপুৰ
তেজপুৰঃ শোণিতপুৰৰ ইটাখোলাত ১৭ জুনৰ বিয়লি সঞ্জয় ওৰাং নামৰ এজন যুৱকক উটুৱাই নিছিল দিকৰাই নদীৰ বাঢ়নী পানীয়ে৷ চাইকেলেৰে বজাৰলৈ যোৱা অৱস্থাত দিকৰাই নৈৰ সুঁতি পাৰ হ’বলৈ চেষ্টা চলাওতেই পানীৰ সোতে উটুৱাই লৈ গ'ল সঞ্জয়ক৷
বহু বিচাৰ খোচাৰৰ অন্ততো সঞ্জয়ৰ সন্ধান লাভ নকৰাত কালি পুৱাৰে পৰা এচ ডি আৰ এফ ৰ দলে সঞ্জয়ক বিচাৰি আৰম্ভ কৰিছে অভিযান৷ অভিযানত সঞ্জয়ৰ চাইকেলখন উদ্ধাৰ হৈছে যদিও আজিহে উদ্ধাৰকাৰী দলে সঞ্জয়ক উদ্ধাৰ কৰে৷
উদ্ধাৰকাৰী দলটোৱে অভিযানৰ খবৰ লাভ কৰি শ শ স্থানীয় ৰাইজ আহি উপস্থিত হয়হি ডিকৰাই নদীৰ পাৰত৷
দিকৰাই নৈত আজি উদ্ধাৰ হ’ল সঞ্জয় ওৰাঙৰ মৃতদেহ৷ এচ ডি আৰ এফ আৰুএন ডি আৰ এফৰ যৌথ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে মৃতদেহটো৷