newsnextone.com | ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ গুহাত আৱদ্ধ ফুটবল দলক উদ্ধাৰৰ দ্বিতীয় দিনৰ প্ৰথমটো অভিযানে বহু সফল হয়। উদ্ধাৰকাৰী দলে বিশেষ সফলতা লাভ কৰিছে ৷ সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ থকা মৰ্মান্তিক ঘটনাই ১৭ দিনত ভৰি দিলে৷ খেল পথাৰত প্ৰশিক্ষণৰ অন্তত ১১-১৬ বছৰৰ ১২গৰাকী কিশোৰ আৰু প্ৰশিক্ষকে গুহাৰ ভিতৰত সোমাই গুহা পৰিদৰ্শন কৰি থকাৰ সময়তে তীব্ৰ বৰষুণৰ বাবে গুহাত পানীৰে ভৰি পৰাত মধ্যম অংশত আৱদ্ধ হৈ পৰে৷ 

যোৱা ১৭ দিন ধৰি গুহাত ডুবাৰুৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ সোমবাৰে পুৱাৰ প্ৰথম অভিযানত সোমাবাৰে পুৱাই ৫ কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল উদ্ধাৰকাৰীৰ দল৷ ইয়াৰ পিছতে দ্বিতীয় অভিযান আৰম্ভ হয়৷ দ্বিতীয় অভিযানত পুনৰ তিনিজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷     

উত্তৰ থাইলেণ্ডত বাঢ়নী পানীৰ পৰিপূৰ্ণ গুহাটোত ১৭ দিন ধৰি আবদ্ধ ১২ কিশোৰ আৰু তেওঁলোকৰ ফুটবল প্ৰশিক্ষকক উদ্ধাৰৰ অভিযানত উদ্ধাৰকাৰীয়ে সোমবাৰলৈ মুঠ ৮ জন সদস্যক গুহাৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছিল৷ 

ইয়াৰ পিছতে মঙলবাৰে পুনৰ উদ্ধাৰকাৰীৰ দলে প্ৰশিক্ষকসহ আবদ্ধ কিশোৰকেইজনৰ উদ্ধাৰৰ বাবে অভিযান চলাই পুনৰ ২ জনক গুহাৰ ভিতৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়৷ ইয়াৰ লগে লগে মুঠ ১৩ জন ফুটবলাৰৰ ১১ জনক উদ্ধাৰ কৰে উদ্ধাৰকাৰীৰ দলে৷ অৱশ্যে এতিয়াও ফুটবল দলটোৰ প্ৰশিক্ষক আৰু এজন কিশোৰ গুহাৰ ভিতৰতে আবদ্ধ হৈ আছে৷

ইফালে ১৭ দিন ধৰি গুহাৰ ভিতৰত আবদ্ধ হৈ শেষত উদ্ধাৰ হোৱা কিশোৰকেইজনৰ মুখত ভয়ৰ ভাৱ নেদেখি আচৰিত হৈ পৰিছে থাইলেণ্ড প্ৰশাসন৷ ইমান কষ্টৰ পিছতো সৰু সৰু কিশোৰকেইজন কেনেকৈ ইমান শান্ত হৈ থাকিব পাৰে বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে৷

উদ্ধাৰ অভিযানৰ উপ-সঞ্চালকে এই সন্দৰ্ভত বিবিচিৰ সৈতে হোৱা বাৰ্তালাপত কিশোৰ কেইজন শান্ত হৈ থাকিব পৰা ৰহস্য ফাদিল কৰে৷ তেওঁ কয় যে ফুটবল দলটোৰ প্ৰশিক্ষকগৰাকী প্ৰশিক্ষক হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে এগৰাকী বৌদ্ধ সন্ত আছিল৷ সেয়ে তেওঁ গুহাৰ ভিতৰত কিশোৰকেইজন কেনেদৰে শান্ত হৈ থাকিব পাৰি তাৰ প্ৰশিক্ষণ দিছিল৷

আনহাতে, উদ্ধাৰ হোৱা কিশোৰ কেইজনক উদ্ধাৰৰ পিছতে চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়৷ সূত্ৰই জানিবলৈ দিয়া মতে, কিশোৰ কেইজন প্ৰয়া সুস্থ হৈয়ে আছে৷ 

গুহাৰ ভিতৰত এতিয়াও আবদ্ধ ফুটবল দলটোৰ প্ৰশিক্ষক আৰু বাকী এজন কিশোৰ উদ্ধাৰৰ বাবে উদ্ধাৰবাহিনীয়ে চেষ্টা অব্যাহত ৰাখিছে৷ মঙলবাৰে পুৱাৰ ভাগত এলেকাটোত হোৱা প্ৰচণ্ড বৰষুণে উদ্ধাৰকাৰ্যত বাধা প্ৰদান কৰিব বুলি আশংকা কৰা হৈছিল যদিও জানিব পৰা মতে সময়ৰ লগে লগে উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলা হৈছে৷