মহাকাশলৈ যোৱা প্রথমগৰাকী ভাৰতীয় হৈছে ৰাকেশ শৰ্মা৷ জোনৰ বুকুত ভাৰতে বিজয়ধ্বজ্জা উৰুওৱাৰ সময়তে আকৌ এবাৰ চৰ্চালৈ আহিছে দেশৰ প্ৰথম মহাকাশচাৰীগৰাকী৷ আজিৰ পৰা ৩৯ বছৰ পূৰ্বেই মহাকাশলৈ যাত্ৰা কৰি উভতি অহা ৰাকেশ শৰ্মা এতিয়ানো কেনে আছে আৰু ক'ত আছে সেই সম্পৰ্কে জানিবলৈ উৎসুক হৈ পৰিছে অসংখ্যজন ভাৰতীয়। মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী অসমৰো বহুতৰেই মনলৈ আহিছে ৰাকেশ শৰ্মাৰ নাম। সেয়ে আজি ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ বিষয়ে NNOৰ এই বিশেষ লেখা।
মহাকাশত ভগৱানৰ ঘৰ নাই!
ৰাকেশ শৰ্মাই মহাকাশৰ পৰা উভতি অহাৰ পাছত বহুতেই তেওঁক প্ৰশ্ন কৰিছিল, ‘মহাকাশত ভগৱানক লগ পাইছিল নে?’ এই প্ৰশ্নৰ উত্তৰত ৰাকেশ শৰ্মাই কৈছিল, ‘নাই মই ভগৱানক লগ নাপালো৷’
ৰাকেশ শৰ্মাই ১৯৮৪ চনত মহাকাশলৈ যাত্ৰা কৰিছিল৷ তেওঁৰ মহাকাশ যাত্ৰাৰ তিনি দশক পাৰ হৈ গৈছে৷ ৰাকেশ শৰ্মাক লগ পোৱা এগৰাকী মহিলাই তেওঁক লগ পোৱাৰ পাছত কি মন্তব্য কৰিছিল সেই সম্পৰ্কেও ৰাকেশ শৰ্মাই উল্লেখ কৰিছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘মোৰ কাষলৈ অহা বহু মহিলাই নিজৰ সন্তানক মোৰ সৈতে চিনাকি কৰাই কয়, এই খুৰাজনে চন্দ্ৰলৈ গৈ আহিছে৷’
মহাকাশৰ পৰা উভতি অহাৰ পিছত ৰাকেশ শৰ্মাক প্ৰায় এবছৰৰ ধৰি অনুৰাগীসকলে আগুৰি ৰাখিছিল। সদায়েই কিবা নহয় কিবা অনুষ্ঠানত ভাগ ল’ব লগা হৈছিল ৰাকেশ শৰ্মাই৷ ৰাকেশ শৰ্মাৰ জীৱন ধাৰাই সলনি কৰিছিল এই যাত্ৰাই৷ ছেলফিৰ যুগ তেতিয়া আৰম্ভ হোৱা নাছিল যদিও বহুতেই তেতিয়াই তেওঁৰ সৈতে ফটো তুলিবলৈ হেতাওপৰা লগাইছিল৷ তেওঁৰ ভাষণ শুনিবলৈ জনতাই আগ্ৰহেৰে বাট চাইছিল৷
অনুৰাগীয়ে কাপোৰ পৰ্যন্ত ফালি পেলাইছিল শৰ্মাৰ
সেই যুগত ৰাকেশ শৰ্মা হৈ পৰিছিল ৰিয়েল হিৰো৷ বয়সীয়াল মহিলাসকলে যদি আশীৰ্বাদ দিছিল, যুৱপ্ৰজন্মৰ লোকে তেওঁৰ কাপোৰ পৰ্যন্ত ফালি পেলাইছিল৷ অটোগ্ৰাফ দি দি ভাগৰি পৰিছিল ৰাকেশ শৰ্মা৷ একাংশ নেতাই ৰাজনৈতিক মুনাফা আদায়ৰ বাবেও তেওঁক সেই সময়ত ব্যৱহাৰ কৰিছিল৷ বিভিন্ন ৰাজনৈতিক মিটিঙত তেওঁক অংশগ্ৰহণ কৰাবলৈ নেতাসকলে লৈ গৈছিল৷ সেয়া এতিয়া স্মৃতি হৈ পৰিছে। পুৰণি দিনৰ কথা সুঁৱৰি ৰাকেশ শৰ্মাই কয়, ‘এয়া একেবাৰেই পৃথক এক অনুভৱ৷ যি অনুভৱ কৈ বুজাব নোৱাৰি৷ অনুৰাগীসকলৰ এই উন্মাদনাৰ বাবে মই সেই সময়ত কিছু বিৰক্ত হৈছিলো৷ ভাগৰিও পৰিছিলো। ইচ্ছা নাথাকিলেও সকলো সময়তে হাঁহি থাকিবলগীয়া হৈছিল৷’
ৰাকেশ শৰ্মাই ২১ বছৰ বয়সতেই ভাৰতীয় বায়ুসেনাত যোগদান কৰিছিল৷ বায়ুসেনাত তেওঁ ছুপাৰছ’নিক জেট যুদ্ধবিমান উৰুওৱাৰ দায়িত্বত আছিল৷ পাকিস্তানৰ সৈতে ১৯৭১ চনত হোৱা যুদ্ধৰ সময়ত তেওঁ ২১ বাৰ যুদ্ধ বিমান উৰুৱাইছিল৷ এই যুদ্ধৰ সময়ত তেওঁৰ বয়স আছিল ২৩ বছৰ৷ ২৫ বছৰ বয়সত ৰাকেশ শৰ্মাই নিজকে এজন সুদক্ষ পাইলট হিচাপে চিনাকি দিয়ে৷ বায়ুসেনাৰ চাকৰিৰ পৰা অৱসৰ লৈ ৰাকেশ শৰ্মা জড়িত হৈ পৰে মহাকাশ সংস্থাৰ সৈতে৷ তেতিয়া ৰাকেশ শৰ্মাৰ বয়স হৈছিল ৩৫ বছৰ৷ মহাকাশলৈ যাত্ৰা কৰাৰ সুযোগ লাভ কৰে ৰাকেশ শৰ্মাই৷ ৰাকেশ শৰ্মা হৈছে মহাকাশলৈ যাত্ৰা কৰা ১২৮ নম্বৰ মহাকাশচাৰী৷
মহাকাশত সফলভাৱে যাত্ৰা কৰা এইগৰাকী মহাকাশচাৰীক কিন্তু জনতাই বৰ বেছি মনত ৰখা নাই৷ যি বছৰত ৰাকেশ শৰ্মাই মহাকাশলৈ যাত্ৰা কৰিছিল সেই বছৰটো ভাৰতৰ ইতিহাসত আটাইতকৈ বেয়া বছৰ সমূহৰ ভিতৰত এটা৷ কিয়নো সেই বছৰতেই ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিল৷ সেই বছৰতেই পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত বিচ্ছিন্নতাবাদীসকলৰ বিৰুদ্ধে সেনা মোতায়েন কৰা হৈছিল৷ দেশজুৰি শিখসকলৰ মাজত সংঘাত আৰম্ভ হৈছিল৷
সেই বৰ্ষতেই ভূপালত সংঘটিত হৈছিল গেছ দুৰ্ঘটনা৷ সেই দুৰ্ঘটনাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়৷ ভাৰতৰ ইতিহাসত ক’লা অধ্যায় খোদিত কৰা সেই বৰ্ষটো আছিল ১৯৮৪ চন৷ ইমানবোৰ বেয়া ঘটনাৰ মাজত এটা ভাল খবৰ যেন কৰোবাত হেৰাই গৈছিল৷ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ কথা সেই সময়ত বৰ বিশেষ প্ৰচাৰো হোৱা নাছিল৷
মহাকাশলৈ যোৱাৰ যো-জা চলাইছিল দেশেও
ইন্দিৰা গান্ধীয়ে ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে মহাকাশত অভিযান চলোৱাৰ পৰিকল্পনা কৰিছিল৷ ৰাছিয়া আমেৰিকাৰ দৰে ভাৰতৰ পৰাও মহাকাশত যান পঠিয়াব পাৰি নেকি সেই বিষয়ে চিন্তা চৰ্চা কৰিছিল৷ প্ৰথম পদক্ষেপ হিচাপে ইন্দিৰা গান্ধীয়ে ৫০ জন পাইলটৰ মাজত এক বাছনি পৰীক্ষা কৰিছিল৷ সেই পৰীক্ষাৰ পৰাই মহাকাশচাৰী বাছনি কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ সেই বিশেষ ৫০ জনীয়া দলটোৰ পৰা মহাকাশলৈ যাবৰ বাবে দুজন যুৱকক বাছনি কৰা হৈছিল৷ সেই দুই যুৱকৰ এজন হৈছে ৰাকেশ শৰ্মা আৰু আনগৰাকী ৰবীশ মালহোত্ৰা৷
তেওঁলোক দুয়োগৰাকীকে প্ৰশিক্ষণৰ বাবে ৰাছিয়ালৈকো প্ৰেৰণ কৰাৰ যাৱতীয় খৰছ বহন কৰিছিল ভাৰত চৰকাৰে৷ মহাকাশলৈ যাবৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ৰাকেশ শৰ্মা আৰু ৰবীশ মালহোত্ৰাই ৰাছিয়াৰ ষ্টাৰ চিটিলৈ যাত্ৰা কৰে৷ মস্কোৰ পৰা ৭০ কিঃমিঃ দূৰত্বত অৱস্থিত ষ্টাৰ চিটিত সেই সময়ত মহাকাশচাৰীক প্ৰশিক্ষণ দিয়া এটা বিশেষ কেন্দ্ৰ গঢ়ি তুলিছিল ছোভিয়েট চৰকাৰে৷
ৰাকেশ শৰ্মাই সেই সময়ৰ কথাও এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে৷ তেওঁ সাক্ষাৎকাৰটোত কয়, ‘আমি তালৈ যোৱাৰ সময়ত তাত বহুত ঠাণ্ডা পৰিছিল৷ ৰাছিয়াত কিমান ঠাণ্ডা সকলোৱে জানে৷ আমি বৰফৰ মাজে মাজে যাত্ৰা কৰিব লগা হৈছিল৷ এটা অট্টালিকাৰ পৰা আনটো অট্টালিকালৈ যাবলৈ বৰফৰ মাজেৰেই পাৰ হ’ব লগা হৈছিল৷ আমাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছিল ৰুছ ভাষা শিকাটো৷ যিমান পাৰো সিমান সোনকালে ৰুছ ভাষা শিকিবলৈ চেষ্টা কৰিছিলো৷ ৰুছ ভাষা নিশিকিলে আমাৰ ট্ৰেইনিঙত অসুবিধাই দেখা দিয়ে৷ কাৰণ তাত বেছিভাগ কথা ৰুছ ভাষাতেই বুজোৱা হয়৷ আমি পাৰ্যমানে ৰুছ ভাষা শিকাত গুৰুত্ব দিলো৷ পোনতে আমি দিনটোৰ ৬-৭ঘণ্টা ৰুছ ভাষা শিকাৰ চেষ্টাতেই পাৰ কৰো৷ আমি ৩ মাহৰ ভিতৰতেই ৰুছ ভাষাটো আয়ত্ব কৰিবলৈ সক্ষম হ’লো৷’
বিনয়ী মহাকাশচাৰীগৰাকী
ষ্টাৰ চিটিত ট্ৰেইনিঙৰ বাবে থকা সময়ছোৱা কেনেদৰে পাৰ হৈছিল সেই বিষয়ে ৰাকেশ শৰ্মাই এক ইণ্টাৰভিউত সদৰী কৰিছে৷ তেওঁ ষ্টাৰ চিটিৰ সেই দিনৰ কথা সুঁৱৰি কয়, ‘আমাৰ খাদ্যভ্যাসত বিশেষ গুৰুত্ব দিছিল৷ অলিম্পিকৰ ট্ৰেইনাৰ আনি আমাৰ মনোবল, শক্তি, গতি সকলো পৰীক্ষা কৰা হৈছিল৷ আমাক প্ৰশিক্ষণ দিয়া হৈছিল৷ প্ৰশিক্ষণ শেষ হওঁ হওঁ সময়ছোৱাত তেওঁলোকে মোক জনাই যে মহাকাশলৈ যাত্ৰা কৰিবৰ বাবে মহাকাশচাৰী হিচাপে তেওঁলোকে মোক বাছনি কৰিছে৷ মোৰ বাবে এই প্ৰশিক্ষণ বৰ কষ্টকৰো নাছিল৷’
ৰাকেশ শৰ্মাৰ মন্তব্যক কেন্দ্ৰ কৰি বিজ্ঞান লেখক পল্লৱ বাগলাই এক বিশেষ মন্তব্য কৰিছিল৷ তেওঁ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ এই সফলতাক লৈ কৈছিল, ‘আত্মবিশ্বাসেৰেই ৰাকেশে সকলোবোৰ সুকলমে কৰি দেখুৱালে৷ ৰাকেশে এনে এখন দেশৰ পৰা যাত্ৰা কৰিছিল যিখন দেশত মহাকাশ সন্দৰ্ভত কোনো পৰীক্ষা নিৰীক্ষা চলাই নাই৷ এই দেশৰ লোকে মহাকাশলৈ যোৱাৰ কথা সপোনতো পৰিকল্পনা নকৰা দিনত ৰাকেশে এই দুৰ্জেয় মনটোৰে মহাকাশলৈ যাত্ৰা কৰিলে৷ এই যাত্ৰা আপুনি মই ভৱাতকৈ বহু কঠিন৷ এখন বেলেগ দেশলৈ গৈ, সেই দেশৰ ভাষা শিকি, প্ৰশিক্ষণ লৈ মহাকাশলৈ যাত্ৰা কৰিবলৈ বাছনি হোৱাতো আমাৰ বাবে গৌৰৱ৷ তেওঁ সঁচায়ে এজন নায়ক৷’
মহাকাশত এটা এটা দিন কেনেকৈ পাৰ হৈছিল?
১৯৮৪ চনৰ ৩ এপ্ৰিলত ৰাকেশ শৰ্মা আৰু দুজন ৰাছিয়ান মহাকাশচাৰী মহাকাশলৈ যাত্ৰা কৰে৷ ৰাছিয়ান মহাকাশচাৰী য়ুৰি মালিয়াশ্বেভ আৰু গেনাডি চাট্ৰেকালভক লৈ ছোভিয়েট ৰকেট মহাকাশলৈ উৰা মাৰে৷ এই ৰকেট উৎক্ষেপণ কৰা হৈছিল ছোভিয়েটৰ কাজাখাস্তানৰ এটা মহাকাশ কেন্দ্ৰৰ পৰা৷ ৰাকেশ শৰ্মাই এই যাত্ৰাৰ কথা সুন্দৰভাৱে সাক্ষাৎকাৰত প্ৰকাশ কৰিছে৷
তেওঁ কয়, ‘এই যাত্ৰা বৰ আমনিদায়ক আছিল৷ আমি এই যাত্ৰাৰ বাবে ইমানেই অনুশীলন কৰিছিলো বাবে অন্য অসুবিধা হোৱা নাছিল৷ ৰকেটত যাত্ৰা কৰাটো আমাৰ অভ্যাসত পৰিণত হৈছিল৷ তথাপিও আমনি লাগিছিল৷ মই মহাকাশলৈ যাত্ৰা কৰা ১২৮ সংখ্যক মহাকাশচাৰী৷ মোৰ পূৰ্বে ১২৭ জন মহাকাশচাৰীয়ে মহাকাশলৈ যাত্ৰা কৰি জীৱন্তে পৃথিৱীলৈ উভতি আহিছে৷ সেয়ে মোৰ ভয় লগা নাছিল৷ যাত্ৰাৰ সময়ছোৱাত কৰিবলগা একো নাথাকে সেয়ে আমনি পাইছিলো৷ মহাকাশত আমি ৮ দিন থাকিলো৷’
ছাৰে জাহা ছে অচ্ছা..
ৰাকেশ শৰ্মাই প্ৰথমজন মহাকাশচাৰী যিয়ে মহাকাশত যোগাসনো কৰিছিল৷ যোগাসনৰ জৰিয়তে তেওঁ জানিবলৈ চেষ্টা কৰিছিল যে যোগাসনে কেনেবাকৈ মধ্যাকৰ্ষণৰ প্ৰভাৱ হ্ৰাস কৰে নেকি? মহাকাশত যোগাসন কৰা অতি কঠিন কাম৷ কাৰণ মধ্যাকৰ্ষণৰ প্ৰভাৱ ওপৰত নাথাকে৷ যাৰবাবে উপঙি থকাৰ অনুভৱ হয়৷ বতাহত ওপঙি থকা যেন অনুভৱ হয়৷ মহাকাশচাৰীজনে নিজকে বহু ব্যৱস্থাপনাৰ মাজত ৰাখিব লাগে৷
ইন্দিৰা গান্ধীয়েই যিহেতু ৰাকেশ শৰ্মাক মহাকাশলৈ যোৱাৰ সুযোগ প্ৰদান কৰিছিল সেয়ে ৰাকেশ শৰ্মাৰ সৈতে পোনপটীয়া যোগাযোগ ৰাখিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ ইন্দিৰা গান্ধীয়ে ৰাকেশ শর্মা মহাকাশৰ পৰা ওভতি অহাৰ পাছত কৰা এটা প্ৰশ্ন সম্প্ৰতি সামাজিক মাধ্যমতো ভাইৰেল হৈ আছে৷ ইন্দিয়া গান্ধীয়ে ৰাকেশ শৰ্মাক সুধিছিল, ‘মহাকাশৰ পৰা ভাৰতক কেনে দেখি?’ তেতিয়া ৰাকেশ শৰ্মাই তেওঁৰ প্ৰশ্নৰ উত্তৰত কৈছিল, ‘ছাৰে জাহা ছে অচ্ছা...’
পাছলৈ এই প্ৰসংগত ৰাকেশ শৰ্মাই এক সাক্ষাৎকাৰত কৈছিল, ‘মোৰ ভালদৰে মনত আছে৷ মই উন্মাদ দেশভক্তৰ দৰে কথাবোৰ ক’বলৈ নাযাও৷ কিন্তু এই কথাও সত্য যে মহাকাশৰ পৰা আমাৰ দেশ ভাৰত সঁচাকৈয়ে আকৰ্ষণীয়৷’ নিউয়ৰ্ক টাইমছে সেই সময়তেই লিখা এক প্ৰতিবেদনত উল্লেখ কৰিছিল ৰাকেশ শৰ্মাৰ উক্ত কথা৷ তাত উল্লেখ কৰামতে ৰাকেশ শৰ্মাই সঁচাকৈয়ে এক ইতিহাস ৰচিলে৷ তেওঁ যাত্ৰা কৰাৰ পাছতো বহু দিনলৈ কোনো ভাৰতীয়ই মহাকাশলৈ যাত্ৰা কৰিব পৰা নাই৷
এতিয়া কেনে আছে ৰাকেশ শৰ্মা?
ৰাকেশ শৰ্মাই মহাকাশৰ পৰা ওভতি অহাৰ পিছত কেইবাবছৰ ধৰি চৰ্চাত থাকিল যদিও পাছলৈ চৰ্চা লাহে লাহে কমি আহিল৷ প্ৰথম ভাৰতীয় মহাকাশচাৰীৰ খিতাপ শিৰত লৈ আকৌ আৰম্ভ হয় গতানুগতিক জীৱন৷ তেওঁ জেট পাইলট হিচাপে পুনৰ কৰ্মজীৱন আৰম্ভ কৰে৷ জেগোৱাৰ, তেজছকে ধৰি বহু বিমানৰ পাইলট হিচাপে কাম কৰা মহাকাশচাৰীগৰাকীয়ে বষ্টনস্থিত জাহাজ, টেংক, ছাবমেৰিণৰ ছফ্টৱেৰ বিকাশ কৰা এটা সংস্থাটো মুখ্য সঞ্চালন বিষয়া হিচাপে কাম কৰিছিল।
সম্প্ৰতি তেঁও এই সকলোবোৰৰ পৰাই অৱসৰ গ্ৰহণ কৰিছে৷ অৱসৰৰ জীৱন কটোৱা ৰাকেশ শৰ্মাক শেহতীয়াকৈ বহুতেই প্ৰশ্ন কৰিছে যে তেওঁ আকৌ মহাকাশলৈ যাব খোজে নেকি? এই প্ৰশ্নৰ উত্তৰো ৰাকেশ শৰ্মাই দিছে৷ ৭৪ বছৰীয়া মহাকাশচাৰীগৰাকীয়ে কয়, ‘মই সুযোগ পালে আকৌ মহাকাশলৈ যাবলৈ বিচাৰিম৷ কিন্তু এইবাৰ মই মহাকাশলৈ এজন পৰ্যটক হিচাপেহে যাত্ৰা কৰিবলৈ ভালপাম৷ সেইবাৰ আমি কেৱল কামেই কৰিলো, এইবাৰ কাম নহয়, অকল ফুৰিবলৈকেহে যাবলৈ বিচাৰিম৷’