17
Jun
ছিপাঝাৰঃ আন একো চোৰ নকৰে, তেও লেপটপ হে চোৰ কৰে৷ লেপটেপৰ চাহিদা থকাৰ বাবে আজিও তেও লেপটপ চুৰি কৰাৰ বাবে ৰচিছিল নাটক৷ কিন্তু আজি তেওৰ নাটক বিফল হ’ল৷
হিন্দী কথাছবিৰ কায়দাৰে চলন্ত বাছৰ পৰা তিনিটা লেপটপ লৈ উধাও হব খোজোতেই বাছ যাত্ৰীৰ হাতত ধৰা পৰিল অইনুল হক৷
গুৱাহাটীৰ পৰা মঙলদৈ অভিমুখে আহি থকা শিৱ-শংকৰ নামৰ চলন্ত বাছ এখনৰ পৰা এগৰাকী যাত্ৰীৰ তিনিটা লেপটপ লৈ উধাও হৈছিল বাইহাটা চাৰিআলিৰ অইনুল হক৷
কিন্তু বিধিৰ বিপাক তেনে সময়তে বাছখনৰ সচেতন যাত্ৰী এগৰাকীৰ তৎপৰতাত আন যাত্ৰী সকলৰ সহযোগত অইনুলক কৰায়ত্ত কৰি ছিপাঝাৰ আৰক্ষী থানাত গতাই দিয়ে৷
মঙলদৈৰ প্ৰনৱ দাস নামৰ কম্পিউটাৰ দোকানৰ স্বত্ত্বাধিকাৰীয়ে গুৱাহাটীৰ পৰা লেপটপ তিনিটা মেৰামতি কৰি মঙলদৈলৈ আহি থকাৰ পথত বেজেৰাত সংঘটিত হয় এই ঘটনা৷ সম্প্ৰতি ছিপাঝাৰ আৰক্ষীৰ আলহী আছে ধৃত অইনুল৷