newsnextone.com | ডিজিটেল ডেস্কঃ গৌৰি লংকেশ পত্ৰিকাৰ প্ৰতিষ্ঠাপক গৌৰি লংকেশক হত্যা কৰাৰ দৰেই অভিনেতা প্ৰকাশ ৰাজকো হত্যা কৰা হ’ব পাৰে৷ গৌৰি লংকেশ হত্যাৰ তদন্ত কৰি থকা দলে দিয়া প্ৰতিবেদনত এই কথা উল্লেখ কৰে৷ এই তথ্য প্ৰকাশ হোৱাৰ পিছতে অভিনেতা প্ৰকাশ ৰাজৰ সমৰ্থকসকল চিন্তিত হৈ পৰিছে৷ চৰকাৰৰ জনবিৰোধী নীতিকে ধৰি বিভিন্ন অনীতিৰ বিৰুদ্ধ বিভিন্ন সময়ত বিজেপি চৰকাৰক সমালোচনা কৰি অহাৰ বাবেই তেওঁক হত্যা কৰা হ’ব পাৰে বুলি চিন্তা জাহিৰ কৰে খোদ অভিনেতা প্ৰকাশ ৰাজে৷ অভিনেতা প্ৰকাশ ৰাজে কয় ‘‘মোক মুখ বন্ধ কৰাৰ বাবে এনে কৰিব পাৰে৷’’  

ৰাজহুৱা স্থানত সভা-সমিতি অনুষ্ঠিত কৰি প্ৰায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অহা প্ৰকাশ ৰাজক গৌৰি লংকেশৰ দৰেই হত্যা কৰা হ’ব পাৰে বুলি গৌৰি লংকেশৰ হত্যাৰ তদন্ত কৰি থকা আৰক্ষীৰ বিশেষ দলে প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰে৷ তাৰ পিছতে তেওঁ কয় ‘‘কাৰো ভাবুকিত পিছুৱাই নাহোঁ৷ ঘৃণাৰ ৰাজনীতিৰ বিৰুদ্ধে মোৰ মতামত অব্যাহত থাকিব৷’’  

উল্লেখ্য যে, ২০১৭ চনৰ ৫ ডিচেম্বৰত গৌৰি লংকেশক বেংগালুৰুৰ পাশা এলেকাত নিজ ঘৰৰ চৌহদতে ৪টা গুলী মাৰি হত্যা কৰিছিল৷ সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল ন্যায় বিচাৰি৷ তাৰ পিছতে স্থানীয় চৰকাৰে বিশেষ তদন্তকাৰী দল গঠন কৰে৷ ইতিমধ্যে ৬গৰাকী লোকক আটক কৰিছে এই কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত৷