♦ মিডিয়া ফেডাৰেশ্যনৰ অসম শাখাৰ সম্পাদক জয়ন্ত শইকীয়াক হত্যাৰ প্ৰচেষ্টা বিজেপি কৰ্মীৰ
জেমছ গোহাঁই, তিনিচুকীয়াঃ দেওবাৰে পুৱা নগাঁও জিলাৰ পুৰণিগুদামৰ এজন সংবাদ মাধ্যমেৰে জড়িত ব্যক্তি দুষ্কৃতিকাৰীৰ হিংসাৰ বলি হ'ব লগা হ'ল।
ঘটনাৰ বিৱৰণি মতে আজি পুৱা প্ৰায় ১১ বজাত হঠাতে স্থানীয় গোলাপ শইকীয়াৰ পুত্ৰ পৱিত্ৰ শইকীয়া নামৰ টে’ট শিক্ষক তথা বিজেপি কৰ্মীজনে মিডিয়া ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ অসম শাখাৰ সম্পাদক নগাঁৱৰ ডেকাচুক বৰঙাতলি নিবাসী জয়ন্ত শইকীয়াক নিজ ঘৰতে বাঁহৰ টাঙোনেৰে উপৰ্যুপৰি প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।
ঘটনাৰ পাছতে মিডিয়া কৰ্মী জয়ন্ত শইকীয়াক ১০৮ গাড়ীৰে চামগুৰি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। জয়ন্ত শইকীয়াই বাঁও ভৰি আৰু হাতত গুৰুতৰভাৱ আঘাত পায়।
উল্লেখ্য যে শইকীয়া চিকিৎসাধীন হৈ থকা অৱস্থাত পৱিত্ৰ শইকীয়াই পুনৰ জয়ন্তৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁৰ পত্নী শিৱানীৰ শ্লীলতা হানিৰ চেষ্টাও কৰে। এই অভিযোগত পতি-পত্নী জয়ন্ত আৰু শিৱানীয়ে খাটোৱাল আৰক্ষী চকীত যুটীয়াকৈ দিয়া এজাহাৰত উল্লেখ কৰিছে।
এই প্ৰতিবেদকৰ আগত চিকিৎসাধীন অৱস্থাত থকা জয়ন্ত শইকীয়াই দিয়া অভিযোগ মতে, মেডিয়া ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ অসম শাখাৰ উদ্যোগত আৰু সাহিত্য-সমাজ সংস্কৃতি সেৱা মঞ্চ, অসমৰ উদ্যোগত কাইলৈ পুৰণিগুদামত অনুষ্ঠিতব্য সুধাকণ্ঠ ভাৰতৰত্ন ড• ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা, ২০১৯ প্ৰদানৰ কাৰ্যসূচীটো বিফল কৰাৰ বাবেই বিজেপি সমৰ্থক পৱিত্ৰ শইকীয়াৰ এই ঘৃণনীয় আক্ৰমণ।
বাতৰি যুগুটোৱাৰ মুহূৰ্তলৈকে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক আজি মাকুমত ৰবীন মৰাণৰ সভাপতিত্বত অনুষ্ঠিত "আপকু'ৰ তিনিচুকীয়া জিলা সমিতিৰ এক বিশেষ সভাত গৰিহণা দি অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।