তিনিচুকীয়াঃ তিনিচুকীয়াৰ মাকুমত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। অসম আৰক্ষীত কৰ্মৰত এগৰাকীৰ কামাণ্ডুক উপৰ্যুপৰি ঘপিয়াই হত্যা দুৰ্বৃত্তৰ। 

জানিব পৰা মতে, অসম আৰক্ষীৰ কামাণ্ডু গৰাকীয়ে দেওবাৰে টিংৰাত অনুষ্ঠিত হোৱা অসম মৰাণ সভাৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানৰপৰা নিশা ১২ বজাত ঘৰলৈ উভতা পথত কোনো দুৰ্বৃত্তই মাকুম দ্বিতীয় অসম আৰক্ষীৰ কাৰ্যলয়ৰ সমীপত হত্যা কৰি থৈ যায়। উল্লেখ্য যে, আৰক্ষী কামাণ্ডু গৰাকীৰ নাম গিৰিছ দত্ত।

ইফালে, ঘটনাৰ পাছতে দুষিক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে মাকুমৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰাইজে অৱৰোধ কৰি পুৱাৰ ভাগত প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মাকুমত।