ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে পৰিস্কাৰ চহৰ জাপানৰ ৰাজধানী টকিঅ’৷ বিশ্বৰ শ শ চহৰৰ ভিতৰত পৰিস্কাৰ চহৰ হিচাপে পৰিগণিত হয় টকিঅ’৷ দ' ইক'ন'মিষ্ট ইন্টেলিজেন্স ইউনিটে প্ৰকাশ কৰা তথ্য অনুযায়ী ২০১৭ চনৰ জাপানৰ ৰাজধানী টকিঅ’ক পৃথিৱীৰ সকলোতকৈ পৰিষ্কাৰ চহৰ হিচাবে উল্লেখ কৰিছে৷
তাৰ বিপৰীতে পাকিস্তানৰ কৰাচী চহৰ পৰিষ্কাৰৰ ক্ষেত্ৰত সকলোতকৈ নিম্ন স্থান দখল কৰিছে৷ টকিঅৰ পিছতে পৰিষ্কাৰৰ ক্ষেত্ৰত স্থান দখল কৰিছে ক্ৰমে চিংগাপুৰ, ওচাকাই (জাপান)। পৰিষ্কাৰ ক্ষেত্ৰত ভাৰতৰ কেৱল মাত্ৰ দুখন চহৰেহে স্থান পাইছে।
৪৩ নম্বৰত দিল্লী আৰু ৪৫ নম্বৰত মুম্বাই। ডি আই আই ইউৰ প্ৰকাশিত এই তথ্যত মুঠ ৬০ খন চহৰক অনৰ্ভুক্তি কৰা হৈছে। উল্লেখনীয় যে প্ৰথম দহটা স্থানৰ এটাতো নাই আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স আদিৰ দৰে আগশাৰীৰ দেশৰ চহৰ।