the telegraph
the telegraph

গুৱাহাটীঃ ২০১৫ চনত ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখিন হৈ ৰাজ্য চৰকাৰে বন্ধ কৰিছিল টোলগেট৷ কিন্তু আকৌ খোল খাব টোলগেট৷ এইবাৰ ১১ খনকৈ টোলগেটে নিতৌ সংগ্ৰহ কৰিব ৰাজ পথত টকা৷ এতিয়া আপুনি ঘৰৰ পৰা গাড়ী লৈ ওলালে কমেও দুশ টকা লগত লৈ আহিব৷ কিয়নো দেশ তথা ৰাজ্যৰ উন্নয়ণৰ বাবে আপুনি কেইটামান টকা ৰাজ পথত দি দি যাব লাগিব ৰাজভড়াল টনকীয়াল হ’বৰ বাবে৷ জিএছটি নোট বন্দীয়ে আপোনাক মাধমাৰ যদি শোধোৱা নাই তেন্তে আপুনি দেশৰ প্ৰগতিৰ বাবে টকা দিবলৈ কুন্ঠাবোধ নকৰিব৷

ৰাজ্যৰ উজনি-নামনিৰ ৰাষ্ট্ৰীয় ঘাইপথ কেন্দ্ৰীয় চৰকাৰে ৰাজ ভড়ালৰ টকাৰে নিৰ্মাণ কৰি দিয়াৰ ফলত আপুনি মই শান্তিৰে গাড়ী চলাব পাৰিছো৷ তাৰ বাবদ কেইটামান টকা দেশৰ প্ৰগতিৰ বাবে দিলে আপোনাৰ একো ক্ষতি নহ’য়৷ নামনিৰ ঘাই পথত চেপা পাতিব NHAI-এ৷ টোলগেট স্থাপন কৰি ৰাজহ সংগ্ৰহ কৰাৰ বাবে চৰকাৰ সাজু হৈছে৷ ৰাজ্য চৰকাৰৰ সংকেত লাভ কৰাৰ পিছতে টোলগেট বহুৱাবৰ বাবে সাজু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ৷

এই কথা সোমবাৰে ৰাজহুৱা কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উত্তৰ পুৰ্বাঞ্চলৰ ক্ষেত্ৰীয় প্ৰৱন্ধকে৷ ৰাষ্ট্ৰীয় ঘাইপথত ৬০-৭০ কিঃ মিটাৰৰ মুৰে মুৰে টোলগেট বহুৱাবলৈ সাজু NHAI-এ৷ টোলগেট স্থাপন নোহোৱাৰ বাবে ৰাজ্যৰ উন্নয়ন নোহোৱা বুলি কয় প্ৰৱন্ধকগৰাকীয়ে৷ নগাঁও জিলাৰ ৰহাস্থিত টোলগেট শীঘ্ৰে খোল খাব বুলিও কয় NHAI-এ৷ NHAI-এ ৰাজ্যৰ ৬৪৯ কিঃ মাঃ পথ সাঙুৰি লব৷ আনহাতে খানাপাৰাৰ পৰা জালুকবাৰীলৈ ১৮ কিঃ মিঃ পথ ৬লেনযুক্ত কৰিব৷ শিলচৰৰ পৰা শ্ৰীৰামপুৰলৈ নতুন পথৰ বাবেও সাজু কেন্দ্ৰীয় সংস্থাটোৱে৷

কিন্তু উজনিৰ পৰা নামনিলৈ কোনটো ৰাষ্ট্ৰীয় ঘাই পথ সম্পুৰ্ণ কৈ নিৰ্মাণ কৰিছে চৰকাৰে৷ গাতৰ বাবে ৰাজ পথত গাড়ী-মটৰ চলাবৰ বাবে পৰিবেশ নোহোৱা হৈছে৷ স্মৰ্তব্য যে, ইয়াৰ পুৰ্বে চিৰাং জিলাৰ সমীপত আৰু নগাঁৱৰ ৰহাত টোলগেট বহুৱাইছিল যদিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেবাটাও সংগঠনৰ তীব্ৰ প্ৰতিবাদত বন্ধ কৰিবলৈ বাধ্য হৈছিল৷

নামনি অসমৰ চিৰাং জিলাত ধলাপৰাস্থিত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত বহুওৱা টোলগেট একাংশ লোকে ২০১৫ চনৰ ১৭ মে’ত অগ্নি সংযোগ কৰিছিল৷ মুম্বাইৰ ব্যক্তিগত খণ্ডৰ ইণ্ডাৰদ্বীপ কষ্ট্ৰট্ৰাকছনে লাভ কৰা টোলগেট’ত স্থানীয় একাংশ লোকে অগ্নিকাণ্ড সংঘটিত কৰাৰ লগতে ২৫টা কম্পিউটাৰ আৰু ৩৫টা চিচিটিভি ভাঙি পেলাইছিল৷ উক্ত সময়ত অখিল গগৈয়ে টোলগেট’ৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছিল৷ অখিল গগৈ জেলত বন্দী হৈ থকাৰ সময়তে এইবাৰ ৰাজ্যত বিজেপি চৰকাৰ থকা সময়ত পুনৰ টোলগেট আৰম্ভ কৰিব বিছৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷