কাছাৰঃ অৱশেষত উদ্ধাৰ হ'ল অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক শুভদীপ চৌধুৰীৰ সন্ধানহীন কন্যা তৃষা ৰয় চৌধুৰী। শনিবাৰে চুবুৰীয়া মেঘালয়ৰ ক্লিয়েহৰিয়াটৰ পৰা শিশুটিক উদ্ধাৰ কৰা হয়।

এজন লোকে দিয়া খবৰৰ ভিত্তিত ADGP মুকেশ আগৰৱালাৰ নেতৃত্বত অভিযান চলাই অসম আৰক্ষীৰ এটা দলে শিশুটিক উদ্ধাৰ কৰে। চুলি কাটিবলৈ নিয়া অৱস্থাত উদ্ধাৰ কৰা হয় কণমাণিটিক।

বনকৰা যুৱতী নেহা বাগতিয়ে শিশুটিক অপহৰণ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে, পাঁচ দিন পুৰ্বে অধ্যাপক চৌধুৰীৰ চৰকাৰী আৱাসগৃহৰ পৰা নিৰুদ্দেশ হৈছিল কণমাণিগৰাকী।

আৰক্ষী-প্ৰশাসনে অধ্যাপকৰ দুবছৰীয়া কন্যাগৰাকীক উদ্ধাৰৰ বাবে দিনে-নিশাই অভিযান অব্যাহত ৰাখিছিল যদিও কিশোৰীগৰাকীৰ কোনো শুংসুত্ৰ উলিযাব পৰা নাছিল৷ আনহাতে, নেতাজী ছাত্ৰ যুৱ সন্থাই জিলা খনৰ বাটে-ঘাটে তৃষ্ণাৰ ফটো লগাই ৰাইজক উদ্ধাৰত সহায় কৰিবলৈ আহ্বান জনাইছিল।

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে কিশোৰীগৰাকীৰ খৱৰ দিওতাক এক লাখ, কাছাৰ আৰক্ষীয়ে ৫০ হাজাৰ, সোনাইৰ বিধায়ক আমিনুল হ’ক লস্কৰে এক লাখ টকা আৰু নেতাজী ছাত্ৰ-যুৱ সন্থায়ো নগদ ধন দিব বুলি ঘোষণা কৰিছিল।

অৱশেষত শনিবাৰে শিশুটি উদ্ধাৰ হোৱাৰ খবৰ পোৱাৰ লগে লগে উত্ফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ। তেওঁলোকে আৰক্ষীৰ লগতে সন্ধান দিওতা লোকজনক বিশেষ ধন্যবাদ জ্ঞাপন কৰে। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক অনুসন্ধান আৰম্ভ কৰিছে।