খাৰুপেটীয়াঃ অসমৰ পৰা অবৈধ ভাৱে বহিঃ ৰাজ্যলৈ নি থকা দুই ট্ৰাক বেত আজি দৰঙৰ খাৰুপেটীয়াত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ দৰং আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় কেইবালাখ টকা মূল্যৰ বেত৷

ৰাজ্যখনৰ পৰা বিভিন্ন সময়ত সাৰুৱা তেল, খনিজ সম্পদ আদি ৰাজ্যৰ বাহিৰৰ অসাধু ব্যৱসায়ীয়ে লৈ গৈ থকাৰ সময়তে এইবাৰ বনজ সম্পদৰ ওপৰত বহিঃ ৰাজ্যৰ ব্যৱসায়ীৰ চকু পৰা বুলি চৰ্চা হৈছে দৰঙত৷

বৈধ ভাবে বহিঃ ৰাজ্যৰ ব্যৱসায়ী সকলে অসমৰ পৰা বেতৰ দৰা বনজ সম্পদ কিনি নিলে ৰাজ্য চৰকাৰে ৰাজহ পোৱাৰ লগতে  কৃষক সকলেও লাভৱান হ’লহেতেন বুলি দৰঙৰ সচেতন নাগৰিকে মন্তব্য আগবঢ়ায়৷

জানিব পোৱা মতে, বৈধ নথি পত্ৰ নথকাৰ বাবে AS-22-C-4434 আৰু WB-23-A-6591 নম্বৰৰ ট্ৰাক দুখন দৰং আৰক্ষীয়ে জব্দ কৰি খণ্ড বন বিষয়াক গতাই দিয়ে। ধেমাজী জিলাৰ পৰা হাঁওৰা আৰু কলিকতালৈ নিয়াৰ বাবে আনিছিল জব্দকৃত কৰা দুই ট্ৰাক বেত৷