newsnextone.com | ডিজিটেল ডেস্কঃ দুয়োজন মানুহে মুখামুখি হ’ব৷ সেয়া আজি সমগ্ৰ বিশ্বৰ বাবে খবৰ৷ দুয়োজন মানুহে যে মুখামুখি হ’ব সেয়া সঁচা৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে মুখামুখি হ’ব৷ 

আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই কথা খোদ টুইট কৰি প্ৰকাশ কৰে৷ টুইট কৰি খোদ দিন ঘোষণা কৰিলে৷ অহা জুনত সাক্ষাৎ কৰিব বুলি প্ৰকাশ কৰি ট্ৰাম্পে কয় ‘‘অহা ১২ জুনত, চিংগাপুৰত কিম-জং উন সৈতে মোৰ অত্যন্ত প্ৰত্যাশিত বৈঠক অনুষ্ঠিত হ’ব৷ বিশ্বৰ শান্তি বাবে দুয়োজনে চেষ্টা কৰিম৷ এই বিশেষ মুহূৰ্ত স্মৰণীয় হৈ ৰব৷’’ 

দুয়োদেশৰ মাজত প্ৰায় এটা বছৰ পৰমাণু পৰীক্ষণক লৈ উত্তেজনাৰ লগতে বাকযুদ্ধ হৈ আছে৷ সমগ্ৰ বিশ্বই দুয়োদেশৰ মাজত যুদ্ধ হ’ব বুলি আশংকা পৰ্যন্ত কৰিছিল৷ আমেৰিকাৰ বাধা সত্বেও উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জিঙে পৰমাণু পৰীক্ষণ কৰি গৈছে৷ আশংকা কৰা মতে, দুয়ো দেশৰ মুৰব্বীৰ মাজত পৰমাণু পৰীক্ষা সম্পৰ্কত আলোচনা হ’ব পাৰে৷  

উত্তৰ কোৰিয়াই তিনি মাৰ্কিন গুপ্তচৰ বন্দীক বুধবাৰে মুকলি কিৰ দিয়ে৷ তাৰ পাছতে বৰফ গলে ট্ৰাম্প আৰু কিমৰ মাজত আৰু টুইট কৰি অৱগত কৰে৷  

ডনাল্ড ট্ৰাম্পক হুংকাৰৰ পিছত হুংকাৰ দি আহিছিল কিম জং উনে। ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ সফল উৎক্ষেপণ কৰি আমেৰিকাক উদ্দেশ্যি হুংকাৰ প্ৰদান কৰি আহিছিল উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উত্তৰ কোৰিয়াক লক্ষ্য কৰি যুদ্ধ কৰিম বুলিও কৈছিল৷