ডিজিটেল ডেস্কঃ ভাৰতীয় নৌ সেনাৰ টুইটে দেশত লগাইছে খলকনি৷ ভাৰত মহাসাগৰত চীনৰ যুদ্ধ জাহাজ আৰু ৰাডাৰ প্ৰৱেশ কৰাৰ ফটো টুইট কৰি নৌ সেনাই কয় আমি কলো দেখি আছো৷ ভাৰত মহাসাগৰত অধিপত্য বিস্তাৰৰ বাবে চীনে নিতৌ কৌশল ৰচনা কৰি থকাৰ সময়তে চীনৰ যুদ্ধ জাহাজ ভাৰত অভিমুখে ভাৰতীয় এলেকাত প্ৰৱেশ কৰাৰ ফটো ভাৰতীয় নৌ সেনাৰ অফিচিয়েল টুইটাৰ একাউণ্ট যোগে প্ৰচাৰ কৰে৷ নৌ সেনাই এই টুইট কৰাৰ পিছতে সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে৷

ভাৰত মহাসাগৰত পূৰ্বৰে পৰা ৰঙা চীনে একছত্ৰী সম্ৰাট হ’ব বিচাৰি সময়ে সময়ে ভাৰত অধিকৃত ঠাইত প্ৰৱেশ কৰাৰ চেষ্টা চলাই৷ কিন্তু ভাৰতৰ নৌ সেনাই চীনৰ এই অপচেষ্টা বাৰে বাৰে বিফল কৰি আহিছে৷ চীনৰ আধিপত্য বিস্তাৰ ভাৰতে কৰিব নিদিয়ে সেই কথাও চীনে ভালকৈয়ে জানে৷ চীনক এসেকা দিবলৈ ভাৰতীয় সেনা-বায়ু সেনা আৰু নৌ সেনাই যে সদায় সাজুু থাকে সেই কথা ভালদৰে জানে চীনে৷

ভাৰত মহাসাগৰ অঞ্চলত চীনৰ যুদ্ধ জাহাজ আৰু ৰাডাৰ প্ৰত্যক্ষ কৰি ভাৰতীয় নৌ সেনাই মঙলবাৰে টুইট কৰি কয় যে স্বাগতম আপোনালোকৰ চিকাৰ শুভ হওক বুলি ইতিকিং কৰে৷ আৰব সাগৰ, বংগোপ সাগৰত চীনে নিজৰ উপস্থিতি জাহিৰ কৰি অহাৰ দৰে ভাৰত মহাসাগৰতো উপস্থিতি জাহিৰ কৰিব খুজি জলদস্যুৰ বিৰুদ্ধে অভিযান চলোৱা বুলি চীন কৰ্তৃপক্ষই কৈ আহিছে৷ আনহাতে ভাৰতে চীনৰ বিৰুদ্ধে বিভিন্ন পদ্ধতি অৱলম্বন কৰি পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে ভাৰতে৷

ভাৰতীয় নৌ সেনাই সমগ্ৰ দক্ষিণ চীন সাগৰত প্ৰৱেশ কৰি মঙলবাৰে চীনক প্ৰত্যাহ্বান জনােৱাৰ খবৰ আহিছে৷ ভাৰতীয় নৌ সেনাই চীনক আক্ৰমণ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ খবৰ প্ৰকাশ পাইছে৷