ওদালগুৰিঃ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমৰ পাঁচটা লোকসভা সমষ্টিতো অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। সেই অনুসৰি বিগত মঙলবাৰে সামৰণি পৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন অহি পৰাৰ লগে লগে ইতিমধ্যে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ভোটদান কৰিবলৈ সাজু হৈ পৰিছে ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ ভোটাৰসকল। 

ফলত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰো ব্যাপকৰূপে চলাইছে প্ৰতিটো ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলে। উল্লেখ্য যে, ৮ নং মঙলদৈ লোকসভা সমষ্টিত এইবাৰো সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছেগৈ ১৭,৭৮,৮৪৭ গৰাকী। ইফালে, সমষ্টিটোত বিজেপি, কংগ্ৰেছ, ইউপিপিএলকে ধৰি ১১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ফলত এইবাৰ সমষ্টিটোৰ নিৰ্বাচনী যুঁজখন আকৰ্ষনীয় হৈ পৰাৰ সম্ভাৱনা দেখা গৈছে। 

বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে যুঁজখন সীমাবদ্ধ হোৱাৰ লগতে প্ৰায় ৩.৫০ লাখ বড়ো ভোটাৰ থকা সমষ্টিটোত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীয়ে দুয়োটা ৰাজনৈতিক দলক একপ্ৰকাৰ প্ৰত্যাহ্বান জনোৱাটো নিশ্চিত হৈ পৰিছে। ইপিনে সমষ্টিটোত আছে প্ৰায় ৫.৫০ লাখ সংখ্যালঘু ভোটাৰ। এই ভোটাৰসকলে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ নিশ্চিত পথ দেখাৰ লগে লগে ৰাজনৈতিক দলসমূহে এই ভোটাৰসকলক লক্ষ্য কৰি লৈ ভোটাৰসকলৰ ওচৰ চাপিবলৈ চেষ্টা অব্যাহত ৰাখিছে। 

আনহাতে, লোকসভা সমষ্টিটোত আছে প্ৰায় তিনি লাখ চাহ বাগিছাৰ ভোটাৰৰ লগতে হিন্দু বঙালী ভোটাৰ। ওদালগুৰি জিলাখনৰ কেইবাখনো চাহ বাগিচাত সাংবাদিকে নিজাববীয়াকৈ নিৰ্বাচনৰ বুজ লোৱা দেখা গৈছে যে সেইসকল ভোটাৰ এটিয়া সচেতন হৈ পৰিছে। তেওঁলোকে সাংবাদিকৰ আগত প্ৰকাশ কৰি এতিয়া আৰু সুৰা বিতৰণ কৰি ভোট ভিক্ষাৰ সময় উকলা বুলি মত প্ৰদান কৰি যি প্ৰাৰ্থীয়ে উন্নয়ণ কৰিব সেই প্ৰাৰ্থীকে ভোট প্ৰদানৰ সংকল্প গ্ৰহণ কৰে। 

লগতে তেওঁলোকে বিগত এটা দশক জুৰি সমষ্টিটোৰ সাংসদজনে কোনো ধৰণৰ উন্নয়ণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। ফলত পূৰ্ৱৰ বিজেপি সাংসদৰ কৰ্ম‌ই অভিশাপস্বৰূপ হৈ পৰিছে বৰ্তমানৰ বিজেপি প্ৰাৰ্থী দিলীপ শ‌ইকীয়াৰ বাবে। বিজেপি দলটোৱে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগটো উত্থাপন নকৰা কাৰ্য‌ই প্ৰভাৱিত কৰাৰ সম্ভাৱনা জনগোষ্ঠীকেইটাৰ মাজত। যাৰ বাবে জনগোষ্ঠীকেইটাই বৰ্তমানলৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কোচ-ৰাজবংশী আৰু আদিবাসী জনগোষ্ঠীৰ প্ৰভাৱিত সমষ্টিটোত জনগোষ্ঠী দুটাই কি ভূমিকা গ্ৰহণ কৰে সেয়া দুই-এদিনতে ওলাই পৰিব‌। 

মঙলদৈ সমষ্টিৰ বাবে অহা ১৮ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে ওদালগুৰিৰ সাংবাদিক উপস্থিত হয় বিভিন্ন জনগোষ্ঠীৰ ক্ৰেতা-বিক্ৰেতাই ওদালগুৰি সাপ্তাহিক বজাৰত। বজাৰখনত বিভিন্ন সাধাৰণ ক্ৰেতা-বিক্ৰেতাৰ সৈতে কথা পতাৰ অন্তত একাংশ‌ই সমষ্টিটোত উন্নয়ণ কৰিব নোৱাৰা বিজেপি চৰকাৰখনক বিদায় দিয়াৰ ভাষ্য প্ৰদান কৰাৰ লগতে একাংশ‌ই আকৌ পাৰ্টীৰ বিপৰীতে প্ৰাৰ্থী চাইহে ভোটদান কৰিব বুলি ভাষ্য প্ৰদান কৰে।

বিশেষকৈ জিএছটিয়ে সাধাৰণ ব্যৱসায়ীসকলক প্ৰভাৱিত কৰাৰ কথাও উল্লেখ কৰে। আনহাতে, একাংশ সচেতন ভোটাৰে বৰ্তমানৰ বিজেপি চৰকাৰখনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰীতিক সমালোচনা কৰি চৰকাৰৰ এই খিলঞ্জীয়া বিৰোধী স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰি খিলঞ্জীয়া বিৰোধী শক্তিক উৎখাত কৰাৰ হুংকাৰ প্ৰদান কৰে। 

একাংশ‌ই আকৌ কংগ্ৰেছৰ দশক দশক ধৰি শাসনৰ সময়ত কোনো উন্নয়ণ কৰিব নোৱাৰা বুলি অভিযোগ উত্থাপন কৰে। এনেদৰে সাধাৰণ ভোটাৰৰ সৈতে মত বিনিময়ৰ অন্তত ভোটাৰসকল যে এতিয়া সচেতন হৈ পৰিছে সেয়া অৱগত যদিও আগন্তুক ২৩ মে'ত অনুষ্ঠিত হ’বলগীয়া ভোটগণনাৰ পাছতহে প্ৰকৃত ফলাফল পোহৰলৈ আহিব