কোকৰাঝাৰঃ বিটিচি প্ৰশাসনৰ উদ্যোগত আৰু ভাৰতীয় তেল নিগমৰ সহযোগত আজি কোকৰাঝাৰত জিলা ভিত্তিক "প্ৰধানমন্ত্ৰী উজ্জ্বলা যোঁজনা"ৰ শুভাৰম্ভ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

কোকৰাঝাৰস্থিত বডোলেণ্ড অতিথিশালাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ যোগেদি আজি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোঁজনা আঁচনিৰ শুভাৰাম্ভ কৰি বিটিচিপ্ৰধাান হাগ্ৰামা মহিলাৰীয়ে প্ৰথম পৰ্যায়ত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ৩৫ টা পৰিয়ালৰ হিতাধিকাৰীৰ মাজত ৰন্ধন গেছ সংযোগৰ প্ৰমাণপত্ৰ বিতৰণ কৰে।

হিতাধিকাৰীৰ মাজত ৰন্ধন গেছ সংযোগৰ প্ৰমাণপত্ৰ বিতৰণ কৰি হাগ্ৰামা মহিলাৰীয়ে নিজৰ  সংক্ষিপ্ত ভাষনত উক্ত আচঁনিৰ যোগেদি দৰিদ্ৰ পৰিয়াল লাভাম্বিত হব বুলি মন্তব্য প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোঁজনা আঁচনিৰ শুভাৰাম্ভ অনুষ্ঠানত বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী , বিটিচিৰ কাৰ্যবাহী সদস্য ডনেশ্বৰ গয়াৰী, বিটিচিৰ সচিব বিৰেন চন্দ্ৰ ফুকন, প্ৰাক্তন কাৰ্যবাহী সদস্য মনো কুমাৰ ব্ৰহ্ম আৰু খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াৰ লগতে ভাৰতীয় তেল নিগমৰ কৰ্মকৰ্তাও উপস্থিত আছিল।