লক্ষ্নৌঃ উত্তৰ প্ৰদেশৰ মুৰাদাবাদ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ছাম্ভালত এক পথ দুৰ্ঘটনাত ৮ জন লোক নিহত হয় লগতে ১১ জন লোক আহত হয়৷ মঙলবাৰে নিশা এখন বাহনে মাল কঢ়িওৱা আন এখন বাহনত মুখামুখিকৈ খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয়৷ 

লেহৰাৱান নামৰ গাঁওখনত সংঘটিত এই দুৰ্ঘটনাত হতাহত হোৱা সকলে এখন বিবাহৰপৰা ঘৰলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো ঘটে৷ আহত সকলক চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগতে নিহত হোৱা সকলোকো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা গৈছে৷

এই দুৰ্ঘটনাৰ হোৱাৰ পাছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰিছে৷