ডিজিটেল ডেস্কঃ আকৌ ভয়াৱহ ৰেল দুৰ্ঘটনা। এইবাৰ লাইনচ্যুত হ’ল পুৰী-হৰিদ্বাৰ-কলিংগ উৎকল এক্সপ্ৰেছ। শনিবাৰে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ খাতৌলিৰ সমীপত লাইনচ্যুত হয় ৰেলখনৰ ১৪ টাকৈ ডবা।

এই পৰ্যন্ত অতিকমেও ২০ জনকৈ যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আহত হৈছে শতাধিক। বৰ্তমানো অব্যাহত আছে উদ্ধাৰকাৰ্য। উদ্ধাৰকাৰী দলে আৰু বহু যাত্ৰী নিহত হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে।

ৰেল বিভাগৰ সূত্ৰই জনোৱা মতে, সন্ধিয়া প্ৰায় ৬ বজাত লাইনচ্যুত হয় উৎকল এক্সপ্ৰেছ। খবৰ পায়েই দুৰ্ঘটনাস্থলীত ততাতৈয়াকৈ ৰেল বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত হয়।

কেন্দ্ৰীয় ৰেলমন্ত্ৰী সুৰেশ প্ৰভূৱে ঘটনাৰ তদন্ত আৰম্ভ হোৱা বুলি জানিবলৈ দিছে। ঘটনাস্থলীত উপস্থিত হৈছে বিশেষ উদ্ধাৰকাৰী ৰেল আৰু মেডিকেল ভেন।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীসকলৰ সহায়ৰ সকলো ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰিছে। ৰেল বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও উদ্ধাৰকাৰ্য চলোৱা হৈছে।