গুৱাহাটীঃ ৰাজ্যৰ বাবে জ্বলন্ত সমস্যা হৈ পৰিছে নিবনুৱা সমস্যা৷ কিন্তু নিবনুৱাসকলক চাকৰি যোগান ধৰিব বিশ্ব হিন্দু পৰিষদে৷ অৱেশ্যে এই চাকৰিৰ বাবে প্ৰাৰ্থী হ’ব লাগিব হিন্দু নাগৰিক৷
আজি গুৱাহাটীত বিশ্ব পৰিষদৰ নেতা প্ৰবীন টোগাড়িয়াই সংবাদ মেলত এই কথা প্ৰকাশ কৰে৷ নেতাগৰাকীয়ে চুৰাটৰ বস্ত্ৰ কাৰখানাত নিয়োগৰ সম্ভাৱনা আছে অসমৰ নিবনুৱাৰ বাবে৷
কিন্তু নিবনুৱা গৰাকী হ’ব লাগিব হিন্দু ধৰ্মাৱলম্বী৷ আনহাতে বাংলাদেশী সন্দৰ্ভতো নিজ মতামত আগবঢ়াই টোগাড়িয়াই৷ নেতাগৰাকীয়ে কয় যে অবৈধ মুছলমান বাংলাদেশী বিতাড়ণ কৰিবলৈ প্ৰয়োজন সাপেক্ষে সেনাৰ সহায় বিচাৰিব পাৰে প্ৰশাসনে৷
কেৱল সেনা বাহিনীয়েই নহয়, অৰ্ধ সামৰিক বাহিনীৰো প্ৰশাসনে সহায় লোৱা উচিত বুলি মন্তব্য আগবঢ়াই বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে৷
ইয়াৰ পূৰ্বে নেতাগৰাকীয়ে ৰাজ্যত অতি শীঘ্ৰে হিন্দু বাংলাদেশীসকলক সংস্থাপনৰ কাম আৰম্ভ কৰিব লাগে বুলি উল্লেখ কৰিছিল৷