ডিজিটেল ডেস্কঃ দেশৰ সংবাদ মাধ্যমত প্ৰকাশ নোপোৱা এটা ভিডিঅ’ই ব্যাপক প্ৰচাৰ লাভ কৰিছে ছচিয়েল মিডিয়াত৷ ৰাজ পথেৰে গৈ থকা এটি বিশাল কনভয়ৰ সন্মুখত হঠাৎ কেইজনমান লোকে থিয় দি কনভয়টো ৰখাই দিয়ে৷ তাৰ পিছতে শ্ল’গান দিবলৈ আৰম্ভ কৰে৷
আৰক্ষী, এনএছজি কমাণ্ডুৱে দৌৰা আহি শ্লগান দিয়া লোকসকলক জোৰ কৰি আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰোতে ৰাজপথত পৰি যায় লোককেইজন৷ তাৰ পিছতে আৰক্ষী, এনএছজি কমাণ্ডুৱে তেওলোকক বেয়াকৈ মাৰধৰ কৰে৷
আৰক্ষীয়ে গবা মাৰি ধৰি আঁতৰাই নিয়ে লোক কেইজনক৷ প্ৰতিবাদকাৰী কেইজনে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নাম লৈ মুৰ্দাবাদ, যোদী চৰকাৰ নচলিব বুলি শ্ল’গান দিয়ে৷
ছচিয়েল মিডিয়াত বহু লোকে এয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ কনভয় বুলি দাবী কৰে আৰু আক্ৰমণৰ লক্ষ্য যোগীৰ কনভয়ে আছিল বুলি কয়৷ ভিডিঅ’টো প্ৰকৃততে কোন ঠাইৰ, কেতিয়াৰ সেই কথা ঠাঁৱৰ কৰিব পৰা হোৱা নাই৷ কেৱল ছচিয়েল মিডিয়াতহে এই ভিডিঅটো প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে৷