newsnextone.com | গুৱাহাটীঃ সোমবাৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইক হেম বৰুৱা বঁটা প্ৰদান কৰা হয়৷ ভাৰত ত্যাগ আন্দোলনৰ হোতা, অসমৰ প্ৰতিথযশা কবি আৰু ৰাজনীতিবিদ হেম বৰুৱা বঁটা গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত প্ৰদান কৰা হয়৷ 

হেম বৰুৱা ন্যাসে অনুষ্ঠিত কৰা এটা বিশেষ অনুষ্ঠানত হেম বৰুৱাৰ পুত্ৰ তথা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া অঞ্জন বৰুৱা, পত্নী ৰূপালী দেৱী বৰুৱা, প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মন, বুদ্ধিজীৱী ড০ দীনেশ বৈশ্য, বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ ৰীতা ডেকা, নিউজ নেক্স ওৱানৰ পৰিচালন সঞ্চালক আব্দুল আজিজ চৌধুৰীৰ উপস্থিতিত বিশিষ্ট চিন্তাবিদগৰাককী এই বঁটা প্ৰদান কৰা হয়৷  

বঁটা গ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁয়ে অসমৰ সমস্যা সমূহ অতি ভয়াবহ হ’ব ধৰিছে বুলি কয়৷ এই সমস্যাৰ সৈতে যুঁজিবলৈ অধিক সাহস আৰু আত্মাবিশ্বাস লাগিব বুলি কয়৷ আনহাতে আজি মোক ধন্য কৰিছে বুলি কৈ আজিৰে পৰা মই গৌৰৱ কৰিম যে হেম বৰুৱা ছাৰৰ দৰে লোক তথা সমাজক ভাল পোৱা লোকৰ সৈতে মোৰ সাঙুৰ খালে৷ 

ভাৰত ত্যাগ আন্দোলনৰ কাৰণে চাকৰি ত্যাগ কৰা হেম বৰুৱাৰ ১৯১৫ চনৰ ২২ এপ্ৰিলত তেজপুৰত জন্ম গ্ৰহণ কৰিছিল৷ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিকতা বিশ্ববিদ্যালৰ পৰা ডিগ্ৰী লৈ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত যোগদান কৰিছিল৷ 

তাৰ পিছত ১৯৪৩ চনত ভাৰত ত্যাগ আন্দোলনৰ বাবে জেললৈ যাব লগা হৈছিল৷ জেলৰ পৰা ওলোৱাৰ পিছত তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজত যোগদান কৰি অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে৷

হেম বৰুৱাই বহু কেইখন গ্ৰন্থ ৰচনা কৰিছিল৷ তেওঁ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল৷ 

হেম বৰুৱাই ১৯৪৮ চনত কংগ্ৰেছ দল ত্যাগ কৰে আৰু সমাজবাদী দলত যোগদান কৰে৷ পিছলৈ তেওঁ প্ৰজাতান্ত্ৰিক সমাজবাদী দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক নিযুক্তি লাভ কৰে৷ তেওঁ ১৯৫৭ আৰু ১৯৬২ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়৷ ১৯৬৭ চনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয়৷ তেওঁ ডিচেম্বৰ ১৯৭০ চনলৈকে লোকসভাৰ সদস্য হৈ আছিল৷

আনহাতে, ৰাজ্য তথা অসমীয়া জাতিৰ হকে সদায় মাত মাতি অহা জাতিৰ বিবেক স্বৰূপ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁই৷ জাতিটোৰ বিপদৰ সময়ত সদায় অসমবাসীক সংগ দি জাতি ৰক্ষাৰ হকে সদায় উব্ধুদ্ধ কৰি অহা ড০ হীৰেণ গোহাঁই কেৱল এগৰাকী বুদ্ধিজীৱী হিচাপেই পৰিচিত নহয়৷ তেওঁ অসমীয়াৰ বিবেক স্বৰূপো৷ 

ড০ হীৰেণ গোহাঁইয়ে ১৯৫৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰে৷ তেওঁ ১৯৫৭ চনত কটন কলেজৰ পৰা আই-এ লাভ কৰে। 

তাৰ পিছত তেওঁ কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা ইংৰাজী সাহিত্যত সন্মানসহ দ্বিতীয় শ্ৰেণীৰ স্নাতক সন্মান লাভ কৰে। ১৯৬১ চনত তেওঁ ক্ৰিষ্টফাৰ মৰিছৰ তত্ত্বাৱধানত ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি উপাধি লাভ কৰিবলৈ সক্ষম হয়৷

ড০ হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সু-প্ৰতিষ্ঠিত সমলোচকো। তীক্ষ্নধী সমালোচনাই অসমৰ সাহিত্য, ৰাজনীতি, সমাজনীতি আৰু সাংস্কৃতিক দিশলৈ নতুন গতিধাৰা আৰু চেতনাবোধ জগাবলৈ সক্ষম হৈছে। 

বৰ্তমান তেওঁ অসমীয়া জাতিৰ এগৰাকী কাণ্ডাৰীৰ ভূমিকা গ্ৰহণ কৰি প্ৰকৃত গণতন্ত্ৰৰ মূল্যবোধক প্ৰমূল্য দিয়া এগৰাকী প্ৰকৃত গণতান্ত্ৰিক ব্যক্তিৰূপেও অসমৰ সমাজ জীৱনত আখ্যায়িত হৈছে।

ড০ হীৰেন গোহাঁই ৰাজনীতিৰ লগতো জড়িত। তেওঁ ১৯৭০-৭৩ চনলৈ আৰু ১৯৭৯-৮২ চনলৈ চিপিআই (এমএল)ৰ লগতো বিশেষ বিশেষ বিষয়ত সহযোগিতা ৰক্ষা কৰিছিল। সম্প্ৰতি আঞ্চলিকতাবাদ ৰাজনীতিত দৰ্শনক এক জনমুখী আৰু গণতান্ত্ৰিক ৰূপ দিয়াত তেওঁ আত্মনিয়োগ কৰি আহিছে৷ 

যোৱা ৩ জুনত ড০ হীৰেন গোহাঁইক ‘অসম গৌৰৱ বঁটা’ৰে সন্মান যাচে যোৰহাটৰ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী ‘গতি সাংস্কৃতিক গোষ্ঠী’য়ে৷ এখন শৰাই, মানপত্ৰ, এটা স্মাৰক অাৰু নগদ ১০ হাজাৰ টকাৰে বঁটা প্ৰদান কৰিছিল৷