মিছামাৰীঃ দেশে স্বাধীনতা লাভ কৰাৰ পাছত বৃহত্তৰ মিছামাৰী অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা প্ৰায় ২৫ খন কৈ বিশুদ্ধ খোৱা পানীৰ আঁচনি স্থাপন কৰা হৈছিল। ইয়াৰে কেইটিমান আঁচনিৰ বাহিৰে গৰিষ্ঠ সংখ্যক পানী যোগান আঁচনি এতিয়া ব্যৱহাৰ আৰু মেৰামতিৰ অভাৱত ভালুকৰ সাঙীলৈ পৰিণত হৈছে।
প্ৰাপ্ত তথ্য মতে বৃহৎৰ অঞ্চলটোৰ ৰিকামাৰী, ভেৰভেৰি, নাহৰণি, নেপালী বস্তি, ধনখনা, পাতিদৈ ভেৰেলা আৰু খুটাপুটা পানী যোগান আঁচনিত স্থায়ী কৰ্মচাৰীৰ ব্যৱস্থা আৰু যাৱতীয় সকলো ব্যৱস্থা থকাৰ বাবে আঁচনি কেইখনৰ পৰা স্থানীয় ৰাইজে সঠিক ভাবে পানী যোগান পাই আহিছে।
কিন্তু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসন কালত অঞ্চলটোৰ জীয়াগাভৰু, কালামাটি, বান্দৰ হাগী পথাৰ, ঢেকীপেলুৱা, বৰবিল পথাৰ, মেজেংজুলি, বেলশিৰি চাহ বাগিচা, ঘোঁৰামাৰী, নবিল পথাৰ, ১নং ধানমৰা, নিজগৰুবন্ধা, বঙালগাওঁ, থেকেৰাজুলি, কলাকুছি, লাখোপাৰা পানী যোগান আঁচনি স্থাপন কৰা হল যদিও আজিলৈকে ৰাইজে এই আঁচনি সমুহৰ পৰা পানী পাবলৈ সক্ষম হোৱা নাই।
কেইটিমান আঁচনি স্থাপন হোৱাৰ পাছত ৰাইজে কিছুদিন পানী যোগান পালে যদিও অধিকাংশ আঁচনিত কৰ্মচাৰীৰ ব্যৱস্থা নকৰাৰ ফলত আঁচনিসমূহৰ পৰা পানী পোৱাটো দূৰৰে কথা ইয়াৰ যন্ত্ৰ পাতি, পানী যোৱা পাইপ, কৰ্মচাৰীৰ আৱাস গৃহ আদি জহি খহি যোৱাৰ উপক্ৰম হৈছে। অঞ্চলটোৰ বিভিন্ন ঠাইত নতুন কৈ স্থাপন কৰা প্ৰায় ২০ খন পানী যোগান আঁচনি চৰকাৰী মাটিৰ অভাৱত ব্যক্তিগত মাটিত মাটিৰ গৰাকীৰ পৰিয়ালত এটা চাকৰি দিয়াৰ আশা দি চুক্তিৰ জৰিয়তে আঁচনি সমূহ স্থাপন কৰিছিল।
প্ৰাপ্ত খবৰ মতে কেয়াৰ টেকাৰ নাম দি ব্যৱস্থা কৰা কৰ্মচাৰী সকলক এমাহৰ দৰমহা দিয়েই চৰকাৰে দায় সামৰিলে। বছৰৰ পাছত বছৰ ধৰি দৰমহা নোপোৱাৰ ফলত একাংশ কেয়াৰ টেকাৰ কৰ্মচাৰীয়ে আঁচনি বোৰ এৰিথৈ বহিঃৰাজ্যত কাম বিচাৰি যোৱাৰো বাতৰি পোৱা গৈছে।
ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত চৰকাৰে কোটি কোটি টকা খৰছ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে উক্ত পানী যোগান আঁচনি সমুহ স্থাপন কৰিছিল। পৰিতাপৰ বিষয় হল কংগ্ৰেছ চৰকাৰৰ দিনত স্থাপন কৰা পানী যোগান আঁচনিবোৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰ খনে গুৰুত্ব দিয়া নাই বুলি একাংশই মতপোষন কৰিছে।
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহৎৰ মিছামাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তত স্থাপিত পানী যোগান আঁচনি সমুহ শীঘ্ৰে গুৰুত্ব নিদিলে জহি খহি যোৱাটো প্ৰায় নিশ্চিত। ইয়াৰোপৰি তদান্তিন চৰকাৰে আঁচনি সমুহ চোৱা চিতাৰ বাবে ব্যৱস্থা কৰি থৈ যোৱা কেয়াৰ টেকাৰ নামৰ কৰ্মচাৰী সকলৰ ভৱিষ্যত অন্ধকাৰত পৰিণত হ'ব।
উল্লেখ্য যে অঞ্চলটোৰ একাংশ গাঁৱৰ ৰাইজে গাভৰু-বেলশিৰি আদি নদীৰ বালি খান্দি পানী উলিয়াই ব্যৱহাৰ কৰা নজিৰ আছে । ভুক্তভোগী ৰাইজৰ পানীৰ অভাৱত দিন পাৰ কৰা বিষয়টো অধিকাংশ লোকেই অৱগত আৰু একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পাছতো কাৰো গা লৰা পৰিলক্ষিত নহ'ল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান দেশ ব্যাপি চুকে-কোণে ঢুকি পাইছে তেনে সময়ত মিছামাৰীৰ একাংশ ৰাইেজ পানীৰ ব্যৱস্থা থকাৰ পাছতো পানীৰ বাবে হাহাকাৰ কৰা বিষয়টো স্বাধীন দেশৰ নাগৰিকৰ বাবে অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে সচেতন মহলে।