ভাংগোৰঃ পশ্চিম বংগৰ শ্ৰমিক, কৃষক, পৰিবেশ ৰক্ষাৰ হৈ কাম কৰা জমি জীবিকা বাস্তুতন্ত্ৰ আৰু পৰিবেশ ৰক্ষা সমিতিৰ আহ্বানত বৃহস্পতিবাৰে ওলাই আহিল হাজাৰ হাজাৰ লোক৷ পশ্চিম বংগৰ শক্তিশালী সংগঠনটোৰ আহ্বানত ভাংগোৰত হাজাৰ হাজাৰ লোক সমবেত হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক গাদীৰ পৰা ওফৰাই পেলোৱাৰ হুংকাৰ দিয়ে৷ দৰিদ্ৰ শ্ৰমিক খাটিখোৱা কৃষক, দিন মজদুৰ একত্ৰিত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি ভাংগোৰৰ আকাশ বতাহ কপাই তোলে৷

হাজাৰ হাজাৰ লোকৰ মতৰ বিপৰীতে গৈ মমতা চৰকাৰে ভাংগোৰত জনবসিত এলেকাত স্থাপন কৰিব খুজিছে বৃহ শক্তি প্ৰকল্প৷ যাৰ পৰা কৃষকৰ লগতে সাধাৰণ মানুহৰ জনজীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি আশংকা কৰি ৰাইজে প্ৰতিবাদ কৰি আহিছে যদিওঁ চৰকাৰে তিলমানো গুৰুত্ব আৰোপ নকৰাত বৃহস্পতিবাৰে পশ্চিম বংগৰ বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ কৃষক আহি সমবেত হয় ভাংগোৰত৷

সমবেত লোকসকলে মমতাক অন্তিম হুংকাৰ দি শক্তি প্ৰকল্পৰ কাম বন্ধ কৰিবলৈ দাবী জনায়৷ অন্যথাই ৰাইজ ক্ষান্ত নহয় বুলি কয়৷ আনহাতে সমবেশত অংশ গ্ৰহণ কৰিব অহা লোকৰ ওপৰত আৰক্ষীয়ে বৰ্বৰ আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সমাবেশত অংশ গ্ৰহণ কৰিব অহা লোকক আধবাটতে আৱদ্ধ কৰি ৰখাৰ লগতে বিভিন্ন ঠাইত নিশাই আহি বাহৰ পাতি থকা লোকসকলক আৰক্ষীয়ে আটক কৰি বিভিন্ন ঠাইত আৱদ্ধ কৰে৷

আনহাতে অসমৰ পৰা সমাবেশত অংশ গ্ৰহণ কৰিবলৈ যোৱা কৃষক মুক্তিৰ নেতাক পশ্চিম বংগৰ স্পেচিয়েল টাস্ক ফৰ্চে আটক কৰে৷ বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ১১ গৰাকী সদস্যক আটক কৰি আৱদ্ধ কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনি কেন্দ্ৰীয় নেতা বেদান্ত লস্কৰ, চাহজাহান আৰু মুকুট ডেকা সহ ১১গৰাকী গ্ৰেপ্তাৰ কৰে৷ বৃহস্পতিবাৰে বেলগাৰিয়াৰ এটা ফ্লেটৰ পৰা বেলগাৰিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিছিল৷ তাৰ পিছৰে পৰা অসমৰ কৃষক মুক্তিৰ কেন্দ্ৰীয় নেতা বেদান্ত লস্কৰ, চাহজাহান আৰু মুকুট ডেকা সহ ১১গৰাকীৰ কোনো শুংসুত্ৰ নাই বুলি জানিব পৰা যায়৷