newsnextone.com | ডিজিটেল ডেস্কঃ বুধাবাৰে কাঠুৱা-জম্মু চেক্টৰৰ আন্তৰ্জাতিক সীমান্তৱৰ্তী অসমাৰিক অঞ্চললৈ লক্ষ্য কৰি পুনৰ গুলি বৰ্ষণ আৰু গোলা বৰ্ষণ আৰম্ভ কৰে পাকস্তানী সেনাই৷ এই ঘটনাত ৪ জন নিৰীহ লোকৰ মৃত্যু ঘটাৰ লগতে ৩ জন গুৰুতৰ ভাৱে আহত হয়৷

জম্মু, চাম্বা তথা কাঠুৱা জিলাত সেনা আৰু অসামৰিক অঞ্চলত ধাৰাবাহিক ভাৱে পাক সেনাই সংঘটিত কৰা আক্ৰমণৰ বাবে বুধবাৰে সীমান্তৱৰ্তী গাঁওসমূহৰ প্ৰায় ৪০ হাজাৰ বাসিন্দাক অন্য সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয়৷  

আনহাতে আতংকগ্ৰস্থ অঞ্চলসমূহত কিছু সংখ্যক লোক প্ৰশাসনৰ অস্থায়ী ছাউনীত আশ্ৰয় লয়৷ পাক সেনাৰ আক্ৰমণৰ ভয়ত বেছি সংখ্যক মানুহেই আত্মীয় অথৱা অন্য ঠাইৰ বন্ধুৰ ঘৰলৈ গুছি যায়৷ পোহনীয় জীৱ-জন্তুৰ যত্নৰ চোৱা চিতাৰ বাবে আৰু চোৰ ডকাইতৰ পৰা নিজৰ ঘৰখন বচাই ৰখাৰ খাতিৰত প্ৰত্যেক পৰিয়ালৰ একোজনকৈ পুৰুষ আতংকগ্ৰস্থতাৰ মাজতেই অঞ্চলটোত থাকি যায়৷ 

জানিব পৰা মতে, আৰ এছ পুৰা, আৰ্ণিয়া, ৰামগড়কে আদি কৰি বিভিন্ন সীমান্তৱৰ্তী অঞ্চলৰ পৰিয়ালসমূহে সংঘৰ্ষৰ ভয়ত পূৰ্বতেই গৃহ এৰি গৈছে৷

উল্লেখ্য যে, মঙলবাৰে  পুৱাৰ ভাগত আৰ এছ পুৰা আৰু ৰামগড় চেক্টৰত পাক সেনাৰ অতৰ্কিত আক্ৰমণত ১৮ গৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ বিগত এসপ্তাহ ধৰি পাক সেনাই সংঘৰ্ষ বিৰতি চুক্তি উলংঘন কৰি চলাই অহা গুলিবৰ্ষণত জম্মু-কাশ্মীৰৰ বহু অঞ্চলত বৃহৎ পৰিমাণে ক্ষয়-ক্ষতি সংঘটিত হৈছে৷