নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান মাহ। ইতিমধ্যেই বাজিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী দুন্দুভি। এফালে বিজেপি আৰু আনফালে বিৰোধী শক্তিৰ মহাৰণত জয়-পৰাজয়ৰ হিচাপ-নিকাচ ইতিমধ্যে আৰম্ভ হৈছে। দেশত হঠাৎ হ্ৰাস পাইছে চিলিণ্ডাৰৰ মূল্য, ন ন প্ৰতিশ্ৰুতিৰ সোঁত বৈছে। পিছ পৰি থকা নাই বিৰোধীৰ 'ইণ্ডিয়া’ মিত্ৰজোঁটো। ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈ বিৰোধী মিত্ৰশক্তিয়ে প্ৰস্তুত কৰিছে নিৰ্বাচনী পৰিকল্পনাৰ। মণিপুৰ, নুহ, কাশ্মীৰ আদি দেশৰ প্ৰান্তে প্ৰান্তে চলি থকা হিংসাৰ বজাৰত প্ৰেমৰ দোকান দিয়াৰ কথা দিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।
দেশৰ এনে নিৰ্বাচনকেন্দ্ৰিক পৰিৱেশত স্বাভাৱিকতে জনতা আৰু নেতাৰ মাজৰ বাহক হিচাপে কাম কৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে পৰিচিত সংবাদ মাধ্যমসমূহে। অৱশ্যে ২০১৪ৰ পিছৰে পৰা সংবাদ মাধ্যমৰ পৰিভাষা অনেক সলনি হোৱা বুলি অভিযোগ সঘনে উত্থাপন হৈ আহিছে। সংবাদ মাধ্যমৰ সন্ধিয়াৰ ডিবেটত বিভিন্ন আদৰ্শ আৰু ধৰ্মৰ লোকক আমন্ত্ৰণ কৰি সাম্প্ৰদায়িকতা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধী আৰু সাধাৰণ সচেতন জনতাই।
দৰ্শকক উত্তেজিত কৰিব পৰা টেগলাইন ব্যৱহাৰ কৰি ষ্টুডিঅ’ৰ এ.চি. ৰুমৰ পৰা এনে সংবাদ মাধ্যমৰ এংকৰ আৰু সাংবাদিকে সমগ্ৰ দেশত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি অহাৰ অভিযোগ ২০১৪ৰ পৰাই উত্থাপন হৈছে। সাংবাদিকৰ নৈতিকতাৰ পৰা আঁতৰি শাসকীয় বিজেপিৰ গুণ গানত মগন থকাৰ অভিযোগ অধিকাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিৰুদ্ধেই। কিন্তু এই অভিযোগৰ বিৰুদ্ধে বিগত ১০ বছৰেই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। এতিয়া ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে হিংসাৰ বীজ ৰোপণ কৰা ১৪গৰাকী এংকৰ তথা সাংবাদিকৰ এখন তালিকা ৰাজহুৱা কৰি তেওঁলোকৰ টিভিৰ শ্ব’ বৰ্জন কৰাৰ ঘোষণা কৰাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
যোৱা ১০ বছৰত ভাৰতীয় সাংবাদিকতা
বহুতেই দাবী কৰিব খোজে যে ইন্দিৰা গান্ধীৰ শাসনৰ ইমাৰ্জেন্সীৰ পিছত বিগত এটা দশকত দ্বিতীয়বাৰৰ বাবে খৰ্ব হৈছে সংবাদ মাধ্যমৰ স্বাধীনতা। ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি ক্ষমতালৈ অহাৰ পিছতে চৰকাৰে সংবাদ মাধ্যমক নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ অভিযোগ উত্থাপন হৈ আহিছে। সংবাদ মাধ্যমৰ পৰিৱেশ অধিক মেৰুকৃত, পক্ষপাতমূলক আৰু চাঞ্চল্যবাদী হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে। বহু এংকৰ আৰু সাংবাদিকে মুকলিকৈ চৰকাৰ আৰু শাসকীয় দলক সমৰ্থন কৰাৰ লগতে বিৰোধীক নস্যাৎ কৰাৰ প্ৰয়াসত নামি পৰা বুলিও অভিযোগ উত্থাপন হৈ আহিছে।
বিজেপি চৰকাৰে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ লগতে সংবাদ মাধ্যমক ব্যৱহাৰ কৰি হেতালি খেলাৰ বাবে বিভিন্ন কৌশল ৰচনা কৰাৰো অভিযোগ উত্থাপন হৈছে। যেনে বিজ্ঞাপন ৰখা বা অনুমোদন দিয়া, তদন্ত বা অভিযান আৰম্ভ কৰা, মানহানিৰ গোচৰ ৰুজু কৰা, ভাবুকি বা ভয় দেখুৱাই, ভুল তথ্য বা অপপ্ৰচাৰ প্ৰচাৰ চলোৱা আদি। বিশেষকৈ নাগৰিকত্ব, কাশ্মীৰ, কৃষকৰ প্ৰতিবাদ, সাম্প্ৰদায়িক হিংসা, দুৰ্নীতি, মানৱ অধিকাৰ আদি বিষয়ত মত প্ৰকাশ আৰু মতানৈক্যৰ স্বাধীনতা ৰোধ কৰাৰ বাবেও চৰকাৰক সমালোচনা কৰা হৈছে। চৰকাৰ বা মিত্ৰশক্তিৰ অন্যায় কাম উদঙাই দিয়াৰ বাবে কেইবাজনো সাংবাদিক হাৰাশাস্তি, আক্ৰমণ, গ্ৰেপ্তাৰৰ সন্মুখীন হ’বলগীয়া হোৱাৰ লগতে কেবাগৰাকী সাংবাদিক হত্যাৰো বলি হৈছে।
আনহাতে, এই সময়ছোৱাত একাংশ সংবাদ মাধ্যম আৰু এংকৰৰ বিৰুদ্ধে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ সপক্ষে মুকলিকৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে সংবাদ মাধ্যম সমূহকে এতিয়া কোৱা হয় “গোডী মিডিয়া” বা “লেপডগ মিডিয়া” বুলি। এই সংবাদ প্ৰতিষ্ঠানবোৰে চৰকাৰৰ এজেণ্ডা আৰু নীতিক বৃদ্ধি কৰা, একে সময়তে জনসাধাৰণৰ সমস্যা আৰু অভিযোগক আওকাণ বা তুচ্ছজ্ঞান কৰা বুলিও অভিযোগ আছে। বিৰোধী দল আৰু তেওঁলোকৰ নেতাৰ লগতে নাগৰিক সমাজৰ কৰ্মী, বুদ্ধিজীৱী, সংখ্যালঘু, প্ৰান্তীয় গোটক লক্ষ্য কৰি ভুৱা বাতৰি, ঘৃণামূলক ভাষণ, সাম্প্ৰদায়িকতা বিয়পোৱাৰ বাবেও এনে সংবাদ মাধ্যমক দোষাৰোপ কৰি আহিছে অনেকে।
"গোদী মিডিয়া" কোনবোৰ?
"গোদী মিডিয়া" শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল এনডিটিভিত কৰ্মৰত প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক ৰৱীশ কুমাৰে। কুমাৰে এই শব্দটো ব্যৱহাৰ কৰি ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত একাংশ ভাৰতীয় নিউজ চেনেলৰ কভাৰেজক সমালোচনা কৰিছিল। তেওঁ যুক্তি দিছিল যে এই চেনেলসমূহে বিজেপি আৰু ইয়াৰ নেতাসকলক অযথা গুৰুত্ব দিছে, আৰু নিৰ্বাচনৰ ন্যায্য আৰু সুষম কভাৰেজ প্ৰদান কৰা নাই। শব্দটোৰ আক্ষৰিক অৰ্থ হ'ল "কোলাত বহি থকা সংবাদ মাধ্যম"। বৰ্তমান সময়ত চৰকাৰৰ নিৰ্দেশমতে পৰিচালিত হোৱা সংবাদ মাধ্যমসমূহক বুজাবলৈকেই এই শব্দটো ব্যৱহাৰ কৰিছিল ৰৱীশ কুমাৰে। পৰৱৰ্তী সময়ত এই গোদী মিডিয়া শব্দটো বহুলভাৱে জনপ্ৰিয় হৈ পৰে।
ভাৰতত শাসকীয় দলৰ মুখপাত্ৰ হিচাপে ধৰা টেলিভিছন আৰু অন্যান্য সংবাদ মাধ্যমক বুজাবলৈ "গোদী মিডিয়া" শব্দটো এটা সাধাৰণ উপায় হৈ পৰিছে। এই শব্দটো টুইটাৰ আৰু ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো হেচটেগ হিচাপে ব্যৱহাৰ কৰি এই মিডিয়া সংস্থাসমূহৰ পক্ষপাতমূলক আৰু অনৈতিক সাংবাদিকতাক বুজাই অহা হৈছে।
১৪ একংৰক বৰ্জন বিৰোধী মিত্ৰজোঁটৰ
২০২৪ চনৰ আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ ভাৰতৰ কেইবাটাও ৰাজনৈতিক দলে গঠন কৰা বিৰোধী মিত্ৰজোঁটত আছে মুঠ ২৮টা দল। এই দলসমূহৰ প্ৰতিনিধিয়ে বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে আনুষ্ঠানিকভাৱে বৰ্জন কৰে কেইবাটাও সংবাদ মাধ্যমৰ ১৪ জন এংকৰক। অৱশ্যে বিৰোধী ইণ্ডিয়াই এংকৰ সকলক বৰ্জন কৰাৰ কোনো স্পষ্ট কাৰণ উল্লেখ নকৰিলেও এইসকল এংকৰে চলাই অহা সাম্প্ৰদায়িক টিভিৰ অনুষ্ঠানৰ বাবেই তেওঁলোকক বৰ্জন কৰা হৈছে বুলি বিজেপিৰ বাহিৰে আন সকলোৱে মন্তব্য কৰিছে।
মিত্ৰজোঁটৰ মিডিয়া কমিটীয়ে এই সাংবাদিকক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁলোকৰ শ্ব’ বা ডিবেটলৈ প্ৰতিনিধি প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছিল। যোৱা ১৩ ছেপ্টেম্বৰত এন চি পি নেতা শৰদ পাৱাৰৰ বাসগৃহত মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মিত্ৰজোঁটে তালিকাযোগে প্ৰকাশ কৰা বৰ্জিত এংকৰ সকলৰ মাজত আছে নিউজ১৮ৰ অমন চোপ্ৰা, অমিশ দেৱগন আৰু আনন্দ নৰসিংহন। আজ টক চেনেলৰ চিত্ৰা ত্ৰিপাঠী আৰু সুধীৰ চৌধুৰী, ইণ্ডিয়া টুডেৰ গৌৰৱ সাৱন্ত আৰু শিৱ আৰুৰ, ভাৰত টিভিৰ প্ৰাচী পৰাশৰ, ৰিপাব্লিক ভাৰতৰ অৰ্ণৱ গোস্বামী, ভাৰত ২৪ৰ ৰুবিকা লিয়াকট, টাইমছ নাও নৱভাৰতৰ নৱিকা কুমাৰ আৰু সুশান্ত সিনহা, ভাৰত এক্সপ্ৰেছৰ অদিতি ত্যাগী আৰু ডি ডি নিউজৰ অশোক শ্ৰীবাস্তৱ।
১৪ এংকৰক বৰ্জনৰ পিছত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰাই কয়, 'এইসকল এংকৰে সদায় সন্ধিয়া ষ্টুডিঅ’ত এখন হিংসাৰ বজাৰ মেলে, আৰু বিভিন্ন দলৰ মুখপাত্ৰসকলে এই বজাৰলৈ গ্ৰাহক হিচাপে যায়। আমি এনে হিংসাৰ বজাৰৰ সমভাগী হ’ব নোখোজো, সেয়ে বহু দুখেৰে আমি এইসকল এংকৰৰ অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত ল’বলগীয়া হৈছে। তেওঁলোকৰ প্ৰতি আমাৰ কোনো আক্ষেপ নাই, কিন্তু আমি আমাৰ দেশক বহুত ভালপাও।’’
একংৰৰ বৰ্জন কৰি ভাল নে বেয়া কৰিছে বিৰোধীয়ে?
ইণ্ডিয়া বিৰোধী মিত্ৰজোঁটে একাংশ এংকৰক বৰ্জন কৰাৰ সিদ্ধান্তই গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে বিতৰ্কৰ সূচনা কৰিছে। একাংশই এই সিদ্ধান্তক সমৰ্থন কৰি কয় যে এই এংকৰসকলৰ পক্ষপাতদুষ্ট আৰু অনৈতিক সাংবাদিকতাৰ বিৰুদ্ধে মতানৈক্য আৰু প্ৰতিবাদ প্ৰকাশৰ এক বৈধ আৰু গণতান্ত্ৰিক পদ্ধতি এয়া। তেওঁলোকে যুক্তি দিছে যে এই এংকৰসকলে সাংবাদিকতাৰ নীতি-নিয়ম আৰু নৈতিকতা উলংঘা কৰিছে, আৰু শাসকীয় দলৰ বাবে প্ৰচাৰক আৰু চিয়াৰলিডাৰ হিচাপে কাম কৰিছে, একে সময়তে বিৰোধী দল আৰু তেওঁলোকৰ নেতাৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাম কৰিছে। ৰাইজে সন্মুখীন হোৱা সমস্যা আৰু সমস্যাক আওকাণ বা তুচ্ছজ্ঞান কৰাৰ লগতে ভুৱা বাতৰি, ঘৃণামূলক ভাষণ, সাম্প্ৰদায়িকতা বিয়পাই দিয়াৰ অভিযোগো উত্থাপন হৈ আহিছে এই এংকৰসকলৰ বিৰুদ্ধে। এই এংকৰ বৰ্জন কৰি বিৰোধী দলসমূহে এনে সাংবাদিকতাক মান্যতা প্ৰদান নকৰি সংবাদ মাধ্যমলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে আৰু সংবাদ মাধ্যমৰ পৰা জবাবদিহিতা আৰু স্বচ্ছতাৰ দাবী কৰিছে।
আনহাতে, একাংশই এই সিদ্ধান্তৰ বিৰোধিতা কৰি বিৰোধী দলসমূহৰ বিৰুদ্ধে মতানৈক্য আৰু সমালোচনা দমন কৰাৰ এক অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী পদ্ধতি বুলি কয়। তেওঁলোকে যুক্তি দিছে যে এই এংকৰসকলে নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ আছে, আৰু তেওঁলোকে সমাজৰ শাসকীয় দল আৰু ইয়াৰ মতাদৰ্শক সমৰ্থন কৰা এটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰে। এই এংকৰসকলে বিৰোধী দল আৰু তেওঁলোকৰ নেতাৰ দুৰ্নীতি, অপশাসন, আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ উদঙাই দিছে বুলিও দাবী কৰিছে। এই এংকৰবোৰ বৰ্জন কৰি বিৰোধী দলসমূহে নিজৰ অসহিষ্ণুতা আৰু নিৰাপত্তাহীনতা দেখুৱাইছে, আৰু সংবাদ মাধ্যমক মুখ বন্ধ কৰি মতানৈক্যৰ কণ্ঠ নিস্তব্ধ কৰিবলৈ চেষ্টা কৰিছে বুলি তেওঁলোকে কয়।
এই সিদ্ধান্ত সংবাদ মাধ্যমৰ বিৰুদ্ধে নেকি?
ইণ্ডিয়া মিত্ৰজোঁটৰ একাংশ এংকৰ বৰ্জন কৰাৰ সিদ্ধান্তই ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱক লৈও প্ৰশ্ন উত্থাপন কৰিছে। একাংশই কৈছে যে এই সিদ্ধান্ত সামগ্ৰিকভাৱে সংবাদ মাধ্যমৰ বিৰুদ্ধে নহয়, কেৱল নিজৰ সাংবাদিকতাৰ সততা আৰু বিশ্বাসযোগ্যতাৰ লগত আপোচ কৰা কিছুমান নিৰ্দিষ্ট সংবাদ মাধ্যম আৰু ব্যক্তিৰ বিৰুদ্ধেহে। তেওঁলোকৰ যুক্তি যে এই সিদ্ধান্তই সংবাদ মাধ্যমৰ স্বাধীনতা বা বৈচিত্ৰ্যৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই, বৰঞ্চ কিছুমান সংবাদ মাধ্যমৰ সত্তাৰ পক্ষপাতদুষ্ট আৰু অনৈতিক সাংবাদিকতাক উদঙাই দি ইয়াৰ প্ৰত্যাখ্যান কৰিছে। তেওঁলোকে কয় যে এই সিদ্ধান্তই আন সংবাদ মাধ্যম আৰু সাংবাদিকসকলক সাংবাদিকতাৰ নীতি আৰু মূল্যবোধ অনুসৰণ কৰিবলৈ উৎসাহিত কৰিব, আৰু বাতৰিসমূহ ন্যায্য, সুষম, সঠিক, আৰু বস্তুনিষ্ঠভাৱে প্ৰকাশ কৰিব।
কিন্তু একাংশই কৈছে যে এই সিদ্ধান্ত সামগ্ৰিকভাৱে সংবাদ মাধ্যমৰ বিৰুদ্ধে, আৰু ইয়াৰ দ্বাৰা ইয়াৰ স্বাধীনতা আৰু বৈচিত্ৰ্যক ক্ষতিগ্ৰস্ত কৰা হৈছে। তেওঁলোকে কয় যে এই সিদ্ধান্ত বিৰোধী দলৰ পৰা পৃথক দৃষ্টিভংগী আৰু মতামত থকা কিছুমান সংবাদ মাধ্যম আৰু ব্যক্তিৰ বিৰুদ্ধে চেন্সৰশ্বিপ আৰু বৈষম্যৰ সমান। তেওঁলোকে কয় যে এই সিদ্ধান্তই সংবাদ মাধ্যমৰ স্বাধীনতা বা বৈচিত্ৰ্যক প্ৰভাৱিত কৰে। এংকৰৰ বৰ্জন অন্য সাংবাদিক আৰু সংবাদ মাধ্যমক বিৰোধীৰ পক্ষত বাতৰি প্ৰদান কৰিবলৈ এক ভাবুকি হিচাপে গ্ৰহণ কৰা বুলি দাবী কৰে একাংশই।
বিজেপিয়ে এই সিদ্ধান্তক ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ সৈতে তুলনা কৰি ইণ্ডিয়া মিত্ৰজোঁটক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিৰোধী দলসমূহে সমালোচনাৰ প্ৰতি অসহিষ্ণু, আৰু নিজৰ ব্যৰ্থতা উদঙাই দিয়া বা নিজৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰাসকলক নিষেধাজ্ঞা বা নীৰৱ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। বিৰোধী দলসমূহক নিৰাপত্তাহীন আৰু হতাশ, দেশৰ বাবে কোনো এজেণ্ডা বা দৃষ্টিভংগী নথকা বুলিও উপসাহ কৰে বিজেপিয়ে।
ইণ্ডিয়া মিত্ৰজোঁটৰ এংকৰ বৰ্জনৰ ঘোষণাৰ পিছতে এক সংবাদমেল সম্বোধন কৰে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰাই। বিৰোধীয়ে এয়া বয়কট লিষ্ট নহয় বৰং হিট লিষ্টহে ৰাজহুৱা কৰিছে বুলি মন্তব্য কৰি সম্বিত পাত্ৰাই কয় যে যদি এই তালিকা প্ৰকাশৰ পিছত কাইলৈ কোনো এটা দলৰ কৰ্মীয়ে তালিকাত নাম থকা কোনো এগৰাকী সাংবাদিকক আক্ৰমণ কৰে, তেন্তে ইয়াৰ বাবে জগৰীয়া কোন হ’ব? বিৰোধীৰ এই সিদ্ধান্ত সংবাদ মাধ্যমৰ প্ৰতি চৰম অপমান বুলি অভিহিত কৰে বিজেপিৰ নেতাগৰাকীয়ে।
বিজেপিয়েও কৰিছিল মিডিয়া বৰ্জন
কিন্তু আজি বিৰোধীয়ে ১৪ গৰাকী এংকৰক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণক সংবাদ মাধ্যমৰ প্ৰতি অপমান বুলি অভিহিত কৰা বিজেপিয়েও পূৰ্বে বৰ্জন কৰিছিল সংবাদ মাধ্যমক। ২০১৭ চনত বিজেপিয়ে বিজ্ঞপ্তি জাৰি কৰি তেতিয়াৰ NDTV বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল আৰু সংবাদ গোষ্ঠীটোৰ কোনো শ্ব’ বা ডিবেটলৈ দলৰ কোনো প্ৰতিনিধি প্ৰেৰণ নকৰাৰ ঘোষণা কৰিছিল। বিজেপিয়ে নিজৰ এই কাৰ্যক ন্যায্যতা প্ৰদান কৰি দাবী কৰিছিল যে NDTVয়ে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে পক্ষপাতিত্ব কৰিছিল, আৰু চৰকাৰক লৈ ভুৱা আৰু নেতিবাচক খবৰ প্ৰচাৰ কৰিছিল। বিজেপিয়ে NDTVক ৰাষ্ট্ৰ বিৰোধী আৰু পাকিস্তান সমৰ্থক, আৰু সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল তেতিয়া।
সেই বিজেপিয়েই আজি বিৰোধীৰ বৰ্জনৰ সিদ্ধান্ত সংবাদ মাধ্যম বিৰোধী বুলি দাবী কৰা কাৰ্যক হাস্যত্মক বুলি মন্তব্য কৰিছে অনেকে। উল্লেখ্য যে, বিগত ১০ বছৰে এখনো সংবাদমেল সম্বোধন কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই কাৰ্যও সংবাদ মাধ্যমৰ বৰ্জন সদৃশ বুলিও মন্তব্য কৰিছে বিভিন্নজনে। ইফালে, বিৰোধীয়ে ১৪ গৰাকী এংকৰৰ অনুষ্ঠান বহিস্কাৰ কৰাৰ সময়তে বিজেপিয়ে এবিপি নিউজত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক সন্দীপ চৌধুৰীৰ অনুষ্ঠান বৰ্জন কৰাৰ বাতৰিও পোহৰলৈ আহিছে।
সংবাদ মাধ্যমৰ অপমান নে ৰাজনৈতিক স্বাৰ্থ?
একাধিক সংবাদ মাধ্যমৰ ১৪ গৰাকী সাংবাদিকক বৰ্জন কৰা কাৰ্য দেশৰ চতুৰ্থস্তম্ভ ৰূপে পৰিচিত সংবাদ মাধ্যমৰ বাবে এক চৰম অপমান বুলি দাবী কৰা বিজেপিৰ বিগত ১০ বছৰীয়া কাৰ্যকালত চাকৰিৰ পৰা বৰ্খাস্ত হ’বলগীয়া হৈছে কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে। বিজেপিৰ কাৰ্যকালতে সাংবাদিক শাৰীৰিক-মানসিক নিৰ্যাতৰ বলি, কাৰাবন্দী আৰু আনকি মৃত্যুক পৰ্যন্ত আঁকোৱালি ল’বলগীয়া হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে।
সাংবাদিক আৰু সংবাদ মাধ্যমৰ অধিকাৰক লৈ এতিয়া সৰৱ হৈ থকা বিজেপিয়ে মাত্ৰ ভুৱা মানি লণ্ডাৰিং গোচৰত সাংবাদিক চিদ্দিক কপ্পনক গ্ৰেপ্তাৰ কৰাৰ সময়ত কিয় মাত মতা নাছিল বুলিও এতিয়া অনেকে প্ৰশ্ন কৰিছে। অন্যহাতে বিৰোধীয়ে বৰ্জন কৰাৰ পিছত নিজকে ধোৱা তুলসীৰ পাত সজাব বিচৰা ১৪ গৰাকী এংকৰৰ কোনজনে সাংবাদিক নিগ্ৰহৰ সময়ত মাত মাতিছিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে বহুতে।
উত্তৰ প্ৰদেশৰ চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত হৈ থকা অনিময়ৰ বাতৰি প্ৰকাশ কৰাৰ বাবেই আৰক্ষীয়ে ২০১৯ৰ আগষ্টত আটক কৰিছিল বিশেষভাৱে সক্ষম সাংবাদিক পৱন কুমাৰ জয়ছোৱালক। সেয়া সংবাদিকৰ অপমান আছিল নে নাছিল বুলি বহুতে প্ৰশ্ন কৰিছে।
একেদৰে মাত্ৰ কেইদিনমান পূৰ্বে টিভিৰ লাইভ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক বিলাহীৰ দাম সোধাৰ বাবেই সাংবাদিক সুধীৰ চৌধুৰীক তেওঁৰ কাৰাবাসৰ কথা মনত পেলাই দিছিল মন্ত্ৰীগৰাকীয়ে। এয়া সাংবাদিকৰ অপমান হয় নে নহয় বুলিও প্ৰশ্ন উত্থাপন হৈছে। অন্যহাতে একেগৰাকী মন্ত্ৰীক সমষ্টিৰ উন্নয়নৰ বিষয়ত প্ৰশ্ন কৰাৰ বাবেই দুগৰাকী স্থানীয় সাংবাদিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল সংবাদ গোষ্ঠীয়ে। সেয়া সংবাদ মাধ্যম আৰু সাংবাদিকৰ অধিকাৰ খৰ্ব কৰা হয় নে নহয় বুলি এতিয়া অনেকৰ মনত প্ৰশ্নৰ উদয় হৈছে।
এদিন স্বাধীন হ’ব সংবাদ মাধ্যম!
দেশৰ প্ৰায় প্ৰতিটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এতিয়া চৰকাৰৰ পৰাধীন! এই অভযোগ বিৰোধীয়ে প্ৰায়ে কৰি আহিছে। গোদী মিডিয়া বুলি নামাংকিত কৰা এনে সংবাদ মাধ্যমৰ বাঘজৰী চৰকাৰৰ আৰু পুঁজিপতিৰ হাতত। কেৱল মুনাফা আৰু টিআৰপিৰ পিছত লাগি ফুৰা এনে সংবাদ মাধ্যমক বিৰোধী মিত্ৰজোঁট ক্ষমতালৈ আহিলেই পুনৰ স্বাধীনতা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাই।
উল্লেখ্য যে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়তো তেওঁ চৰকাৰৰ বহতীয়া সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল। আনকি তাৰ বাবে ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিপৰীতে স্থানীয় সৰু সংবাদ মাধ্যম আৰু ইউটিউবাৰ সকলকহে অধিক প্ৰাধান্য দিছিল। ৰাহুল গান্ধীয়ে প্ৰায়ে তেওঁৰ ভাষণত কৈ আহিছে- ''সংবাদ মাধ্যমসমূহে দেশত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব বিচাৰে। ঘৃণাৰ বজাৰ মেলিব বিচাৰে। কিন্তু আমি সেই ঘৃণাৰ ঠাইত ভালপোৱা সিঁচিব বিচাৰো। আমি সংবাদ মাধ্যমক স্বাধীন কৰিম।’’
কিন্তু প্ৰশ্ন উঠিছে- কাৰ পৰা স্বাধীনতা বিচাৰিছে কোনে? এগৰাকী জ্যেষ্ঠ সাংবাদিকে কয়, ''সদায় গোহালিত বান্ধি ৰখা গৰু এটাক পিছত গৃহস্থই এৰাল খুলি দিলেও গৰুটোৱে অলপ সময় বাহিৰত চৰি পুনৰ গোহালিলৈ উভতি আহে। কাৰণ সি গোহালিতে আৰামতে দানা-পানী পাইছে, গৃহস্থই কাটি আনি দিয়া ঘাঁহ খাবলৈ পাইছে। গতিকে সি চৰি ফুৰিব কিয়? আজিৰ সংবাদ মাধ্যমৰো একেই অৱস্থা। তেওঁলোকে কাৰোবাৰ গুণ গান গাই এটা ধুনীয়া আৰু স্বচন্দ জীৱন পাৰ কৰিব পাইছে, গতিকে তেওঁলোকে কিয় বা স্বাধীন হ’ব বিচাৰিব?’’
১৪ গৰাকী নিউজ এংকৰক বিৰোধীয়ে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে জ্যেষ্ঠ সাংবাদিক ৰৱীশ কুমাৰেও এক টুইট কৰিছে। টুইটত তেওঁ লিখিছে, 'সাত বছৰ ধৰি বহিষ্কৃত হৈ আছো। সাত ঘণ্টাও হোৱা নাই। এনে লাগিছে যেন কাইলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰিব। সংবাদমেলত প্ৰধানমন্ত্ৰীয়ে সংবাদমাধ্যমৰ স্বাধীনতাৰ হৈ মাত মাতিব। সেই সংবাদমেলত এই আটাইকেইগৰাকী সাংবাদিকে প্ৰশ্ন কৰিব। ইয়াৰ পিছত আটাইকেইগৰাকী সাংবাদিকে ছানা ইৰশ্বাদ মট্টুৰ ওচৰত (তলৰ ফটোখন চালে কাৰণ বুজি পাব) ক্ষমা বিচাৰিব।’
এনডিটিভিত থকা সময়ত বিজেপিয়ে বৰ্জন কৰা সাংবাদিকগৰাকীয়ে টুইটটোত আৰু লিখিছে, 'ফটো সংবাদিক দানিশ ছিদ্দিকিৰ হত্যাক লৈ দুটা শব্দও নোলাল তেওঁলোকৰ মুখেৰে। কোনো মুখেৰে মতা নাছিল, আপুনি সেইসকলৰ নাম জানেনে? মনদ্বীপ পুনিয়াৰ পেজ বন্ধ কৰিবলৈ কোনে জাননী প্ৰেৰণ কৰিছিল? গোদী মিডিয়া ভাৰতৰ গণতন্ত্ৰৰ বাবে বিপদজনক। বিৰোধীয়ে প্ৰতিখন সভাতে ৰাইজৰ আগত এয়া কোৱা উচিত। যদি এই কাম নকৰে তেন্তে তেওঁলোকো গণতন্ত্ৰৰ ভৱিষ্যতক লৈ ছিৰিয়াছ নহয়।’
অসমৰ এংকৰকো বৰ্জন কৰিব নেকি ইণ্ডিয়া মিত্ৰজোঁটে?
অসমতো একাংশ সংবাদ প্ৰতিষ্ঠান আৰু নিউজ এংকৰে একপক্ষীয়ভাৱে অনুষ্ঠান পৰিৱেশন কৰাৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে। এনে ক্ষেত্ৰত কংগ্ৰেছৰ লগতে অসমত থকা ইণ্ডিয়াৰ অংশীদাৰ দলসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰে পদক্ষেপ গ্ৰহণ কৰিব নেকি বুলিও ছ’চিয়েল মিডিয়াত নেটিজেনসকলৰ মাজত চৰ্চা চলা দেখা গৈছে। এই সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ তথা অঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই NNOৰ আগত কয় যে অসমত এতিয়াও তেনে পৰিৱেশ আহি পৰা নাই। একেদৰে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰায়ো NNOক জনাই যে ৰাজ্যিক স্তৰত সদ্যহতে তেনেধৰণৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই।
সুদীৰ্ঘ কাল ধৰি সাংবাদিকতাৰ সৈতে জড়িত সাংসদ ভূঞাই কয়, 'ৰাষ্ট্ৰীয় পৰ্যায়ত যি সিদ্ধান্ত লৈছে সেয়া অতি সময়োচিত সিদ্ধান্ত। কাৰণ এইসকল নিউজ এংকৰে সাংবাদিকতা কৰা নাই। এইসকলে এটা নিৰ্দিষ্ট দলৰ মুখপাত্ৰৰ দৰে কাম কৰি আছে। দলীয় মানুহেই ইমান সমৰ্থন নকৰে। এইসকল হৈছে আন-অফিচিয়েল স্পোকছপাৰ্ছন। তেওঁলোকৰ কামেই হৈছে বিৰোধীৰ ভাৱমূৰ্তি বিনষ্ট কৰা। অসমত অৱশ্যে এতিয়ালৈ তেনে ভয়ংকৰ পৰিস্থিতি আহি পৰা নাই। অসমত এটা গোদী মিডিয়া আছে। সেইটোৰ কথা সকলোৱে জানেই। বাকী পিছলৈ কি হয় সেয়া সময়ত দেখা যাব।’
আনহাতে দিনদিয়েক পূৰ্বে সাংবাদিকতাৰ ক্ষেত্ৰখন এৰি ৰাজনীতিত প্ৰৱেশ কৰা কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বৰাই কয়, 'অসমতো একাংশ এংকৰে একপক্ষীয়ভাৱে অনুষ্ঠান কৰাতো ৰাইজৰ দৃষ্টিগোচৰ হৈছে। সেয়ে এতিয়া সামাজিক মাধ্যমৰ গুৰুত্ব বৃদ্ধি পাইছে। চৰকাৰ যি দলৰেই নাথাকক কিয় চৰকাৰৰ গুণগান কৰি থকাতো সংবাদ মাধ্যম আৰু সাংবাদিকৰ দায়িত্ব নহয়। অসমৰ একাংশ সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকৰ গ্ৰহণযোগ্যতা লাহে লাহে কমি আহিছে। মানুহে সঁচা কথাবোৰ বুজি উঠিছে। কিন্তু ইণ্ডিয়া মিত্ৰজোঁটে অসমতো এংকৰক বৰ্জন কৰিব নে নাই সেই বিষয়টো এতিয়াও বিবেচনাধীন হৈ আছে। অসমৰ ইণ্ডিয়াত থকা দলৰ কোনো কোনো নেতাই এনে প্ৰস্তাৱ আগবঢ়াইছে। এই বিষয়ে বৈঠকত আলোচনা কৰা হ’ব। বৈঠকৰ অন্তত অসমতো তেনেধৰণৰ পদক্ষেপ হয়তো গ্ৰহণ কৰা হ’ব পাৰে।’