ডিজিটেল ডেস্কঃ কথা নুশুনাৰ বাবে পৰাজিত কেজৰিৱাল -আন্না হাজৰে৷ আন্নাৰ কথা নুশুনাৰ  বাবেই দিল্লীৰ পৌৰসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ল আপ৷

আজি দিল্লীৰ নিৰ্বাচনৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰি এনেদৰে কয় সমাজসেৱীজনে৷ কেজৰীৱালৰ এই পৰাজয়ৰ পিছত বিভিন্নজনে  ছ’চিয়েল মিডিয়াৰ জৰিয়তে উল্লেখ কৰিছে বিভিন্ন কাৰন৷ এনে কেইটামান কাৰণ হৈছেঃ 

  1. নিৰ্মুল নহ’ল দুৰ্নীতি৷ কেজৰিৱালে শাসনত অহাৰ আগতে দিল্লীৰ পৰা দুৰ্নীতি নিৰ্মুল কৰাৰ ঘোষণা কৰিছিল যদিও সেই কাম কৰাত ব্যৰ্থ হয় কেজৰিৱাল৷
  2. নাৰী সুৰক্ষাৰ ক্ষেত্ৰটো ব্যৰ্থ হয় দিল্লী চৰকাৰ৷  মহিলাৰ সুৰক্ষাৰ বাবে ১০হাজাৰ মহিলা হোমগাৰ্ড দিয়াৰ প্ৰতিশ্ৰুতি পুৰণত ব্যাৰ্থ হয় কেজৰিৱাল৷ 
  3. দলৰ নামৰ দৰেই প্ৰকৃত অৰ্থত সাধৰণ লোকৰ দল হোৱা নাছিল আপ৷ যদিও কেজৰিৱালে ৰঙা লাইট ব্যৱহাৰ কৰা নাছিল কিন্তু কেজৰিৱালৰ সুৰক্ষাৰ নামত ব্যায় হোৱা অৰ্থৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল বহুজনে৷
  4. বিনামুলীয়া ৱাই ফাই সপোন হৈয়ে ৰ’ল দিল্লীবাসীৰ বাবে৷