হৰিশিঙাঃ হৰিশিঙাৰ মাজ-মজিয়াত অবৈধভাৱে গঢ়ি উঠিছে একাধিক দেশীয় সুৰাৰ বিপণী। জধে-মধে এনেদৰে গঢ়ি উঠা বিপণীসমূহৰ ফলত বিনষ্ট হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক পৰিৱেশ।
সময়ে সময়ে কেবাটাও স্থানীয় দল-সংগঠনে এই অবৈধ ঘাটিসমূহ উচ্ছেদ কৰি আহিছে যদিও কিছুদিন পিছতে পুনৰ সেয়া গঢ় লৈ উঠে। প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই বৃহত্তৰ অঞ্চলটোত অবৈধ সুৰা ব্যৱসায়ীসকলে মুক্তমনে ব্যৱসায় চলাই যাবলৈ সমৰ্থ হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ইফালে অবৈধ সুৰাৰ বিপণীসমূহত অঞ্চলটোৰ কলেজীয়া ছাত্ৰসকলেও ভিৰ কৰাত উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ সচেতন মহল। জানিব পৰা মতে, সন্ধিয়া হ'লেই ফুৰিবলৈ যোৱাৰ অজুহাত দেখুৱাই কলেজীয়া ছাত্ৰসকলৰ বহুতেই শাৰী পাতে অবৈধ সুৰাৰ বিপণীত।
এনে পৰিপ্ৰেক্ষিতত নিজৰ সন্তানৰ ভবিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল। বিষয়টো সন্দৰ্ভত অধিকাংশ সংবাদ মাধ্যমত বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ পিছতো কাণসাৰ নাই স্থানীয় প্ৰশাসনৰ।
আশ্বৰ্যজনক কথা এয়ে যে এনে অবৈধ সুৰাৰ বিপণীসমূহৰ অধিকাংশই গঢ় লৈ উঠিছে শিক্ষানুষ্ঠানসমূহৰ তেনেই ওচৰতে। হৰিশিঙাৰ সচেতন মহলে এনে ভয়াৱহ পৰিৱেশৰ কু-প্ৰভাৱৰ পৰা কলেজীয়া ছাত্ৰসকলক ৰক্ষা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক দাবী জনাইছে যদিও এই পৰ্যন্ত বিষয়টোত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।