নতুন দিল্লীঃ বিৰাট কোহলিক দিয়া হৈছে ২০১৬ বৰ্ষৰ বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান৷ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোহলিলৈ উইচডেনৰ "দা উইচডেন লিডিং ক্ৰিকেটাৰ ইন দা ৱৰ্ল্ড" সন্মান প্ৰদান কৰা হৈছে৷ বুধবাৰে এই কথা প্ৰকাশ কৰে উইচডেনে৷

ক্ৰিকেটৰ বাইবেল খ্যাত "উইচডেন ক্ৰিকেটাৰচ আলমানাকৰ" ২০১৭ৰ সংস্কৰণৰ বেটুপাতত কোহলিৰ ছবিও প্ৰকাশ কৰে৷  কোহলিৰ আগতে এই সন্মান লাভ কৰা ভাৰতীয় ক্ৰিকেটাৰ দুজন হৈছে শচীন তেণ্ডুলকাৰ আৰু বীৰেন্দৰ ছেহৱাগ৷

কোহলিৰ সৈতে এই তালিকাত থকা পাকিস্তানৰ খেলুৱৈ ২ জন হ’ল মিছবাউল উল হক আৰু ইউনিছ খান৷ উইচডেন ক্ৰিকেটাৰাচ আলামানাক ২০০৪ চনত আৰম্ভ হৈছিল৷ এটা বৰ্ষৰ ক্ৰিকেটাৰসকলৰ সামগ্ৰীক পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিয়ে এই সন্মান দিয়া হয়৷