newsnextone.com | ডিজিটেল ডেস্কঃ মেৰিণা বীচ্ছত এম কৰুণানিধিৰ শেষকৃত্য কৰাৰ বাবে দেখা দিয়া জটিলতা আতৰিল। মঙলবাৰে মধ্য নিশা আদালতত অনুষ্ঠিত হোৱা শুনানিত আইনী জটিলতা আতৰ হোৱাত মেৰিণা বীচ্ছতে এম কৰুণানিধিৰ শেষকৃত্য সম্পন্ন কৰাটো থিৰাং হ'ব পাৰে। এতিয়া মেৰিণা বিচ্ছত ডিএমকেৰ প্ৰয়াত সভাপতিক শেষকৃত্য কৰি হ'ব বুলি আশা কৰা হৈছে। তামিলনাডু চৰকাৰে অনুমতি দিলেই মেৰিণা বীচ্ছত শেষকৃত্য কৰিব পৰা যাব।
I withdraw all cases in this regard because Kalaignar Karunanidhi is important for us. So now, there are no legal hurdles for govt: Doraisamy, advocate who filed petition against burial on Marina, on TN govt denies burial space for Karunanidhi near Anna Memorial at Marina beach pic.twitter.com/Hh7fq9FO1t
— ANI (@ANI) August 7, 2018
Hearing by Madras High Court in the case against denial of burial land by Tamil Nadu Govt at Marina beach for #Karunanidhi, adjourned till 8 am tomorrow after the govt sought more time to file a reply pic.twitter.com/XdSyaaTfiZ
— ANI (@ANI) August 7, 2018
মঙলবাৰে সন্ধিয়াৰ পৰা তামিলনাডু চৰকাৰৰ সৈতে বিৰোধী দল তথা এম কৰুণানিধিৰ দল ডিএমকেৰ মতানৈক্য হয়। ৰাজ্য চৰকাৰে আইনী জটিলতা তথা মাদ্ৰাজ উচ্চ ন্যায়লয়ত গোচৰ চলি থকা বুলি কৈ এম কৰুণানিধিক মেৰিণা বীচ্ছত শেষকৃত্য কৰাৰ অনুমতি দিয়া নাছিল। ৰাজ্য খনৰ ৫ বাৰৰ মুখ্যমন্ত্ৰীক শেষকৃত্য কৰাৰ অনুমতি দিয়া নাছিল। তাৰ পিছতে আদালতৰ কাষ চাপে ডিএমকে। আন্না স্মৃতিসৌধৰ ওচৰত শেষকৃত্য কৰিব পৰা নাযাব বুলি কৈ ৰাজ্য চৰকাৰে আন্না বিশ্ববিদ্যালয়ৰ সমীপত ঠাই দিবলৈ সাজু হৈছিল। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ ওচৰ চাপে ডিএমকে।
Tamil Nadu: #DMK workers in Rameshwaram raise slogans 'Tamil Nadu Govt give space at Marina for #Karunanidhi!' pic.twitter.com/ld5p55Uq6I
— ANI (@ANI) August 7, 2018
ডিএমকেৰ আবেদনৰ ভিত্তিত নিশা ১০ বজাৰ পৰা মাদ্ৰাজ উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। আদালতে পূৰ্বৰ এগৰাকী অধিবক্তাই তৰা এক আবেদনৰ ভিত্তিত চলা গোচৰ আৰু পূৰ্বেৰ সকলো আবেদন খাৰিছ কৰি মেৰিণা বীচ্ছত এম কৰুণানিধিক শেষকৃত্য কৰিলে আইনী কোনো জটিলতা নাই বুলি আদালতে ৰায় দিয়ে।
Lawyer who represented Traffic Ramaswamy has accepted in the court that in this situation, he doesn't have any objection. After this, govt side said they need some more time to file a response. Court granted time for hearing at 8 am tomorrow: Balu,lawyer for Pattali Makkal Katchi pic.twitter.com/EjEet7qK70
— ANI (@ANI) August 7, 2018
উল্লেখ্য যে, তামিলনাডুবাসীক কন্দুৱাই মঙলবাৰে ৬ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে এম কৰুণানিধিয়ে। ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিয়ে সকলোকে কন্দুৱাই থৈ গ'ল মঙলবাৰে সন্ধিয়া ৬ বাজি ১০ মিনিটত। কাবেৰী হস্পিতাল কৰ্তৃপক্ষই জাৰি কৰা বিবৃতি যোগে এই কথা স্পষ্ট কৰে।
মৃত্যুৰ পিছতে সমাধিস্থানক লৈ বিতৰ্কৰ সৃষ্টি হয়। তামিলনাডুৰ এআইএডিএমকে চৰকাৰে কৰুণানিধিৰ সমাধিৰ বাবে মৰিণা বীচ্ছত ঠাই নিদিয়াত তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে এই বিষয়ত আদালতৰ ওচৰ চাপে ডিএমকে। ডিএমকেৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে ডিএমকে নেতাই আদালতৰ ওচৰ চাপে। চৰকাৰে মেৰণি বীচ্ছত ঠাই নিদিয়াৰ বাবে প্ৰতিবাদ সাব্যস্তও কৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিশাই এই সন্দৰ্ভত শুনানি অনুষ্ঠিত কৰিব বুলি কয়। নিশা ১০ বজাৰ পৰা শুনানি অনুষ্ঠিত হয়। কৰুণানিধিৰ সমাধিৰৰ বাবে চিএন আন্নাদুৰাইত ঠাই বিচাৰি পুত্ৰ ষ্টেলিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী পলিনীস্বামীক পত্ৰ লিখিছিল যদিও মাটি এৰি দিবলৈ ৰাজি নহয়।