ডিজিটেল ডেস্কঃ বিহাৰৰ পাটনাত এগৰাকী পিতৃয়ে বিনা চিকিৎসাই মৃত্যু হোৱা ৯ বছৰীয়া কন্যাক ৫ কিঃ মিঃ খোজকাঢ়ি ঘৰলৈ অনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্য খনত৷ জানিব পৰা মতে, বিহাৰৰ এখন অত্যন্ত পিছপৰা গাঁৱৰ এহাল দম্পত্তিয়ে নিজ কন্যাৰ জ্বৰ হৈ থকাত পাটনাৰ এইমছলৈ লৈ আহে৷ কন্যাক কোলাত লৈ চিকিসকক দেখুৱাৰ পুৰ্বে পঞ্জীয়ণ পত্ৰ পুৰণ কৰিবৰ বাবে লাইনত থিয় দি থাকিব লগা হয় পিতৃ-মাতৃয়ে৷

শ্ৰমিক ৰাম বালাকে কেবা ঘন্টা ধৰি লাইনত থকাৰ সময়তে ৯ বছৰীয়া কন্যাই মৃত্যুক আকোৱালি লয়৷ লাইনত থিয় হৈ থকা একাংশ লোকে ৰাম বালাকৰ কন্যাৰ অৱস্থা অধিক বেয়া হ’ব ধৰাত কিছু আগতীয়াকৈ পঞ্জীয়ণ কৰিবলৈ আগুৱাই যাবলৈও দিছিল৷ কিন্তু বৃহৎ দীঘল লাইনত থাকি কাউন্টাৰ পোৱাৰ পুৰ্বে মৃত্যু হয় কন্যাৰ৷ ইয়াৰ পুৰ্বে জ্বৰত আক্ৰান্ত কন্যাক চিকিৎসালয়ৰ কৰ্মীৰ ওচৰলৈ গৈ চিকিৎসা কৰাৰ কাকুতি-মিনতি কৰে যদিও চিকিৎসালয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷

কন্যাক চিকিৎসা কৰাৰ সপোন চুৰমাৰ হোৱাৰ পিছত ৰাম বালকৰ হাতত নাছিল টকা৷ চিকিৎসালয়ৰ পৰা ওলাই কন্যাক কোলাত লৈ খোজকাঢ়ি আহে অটো স্থানলৈ৷ অৱশেষত অটোত উঠাই ঘৰলৈ আনে কন্যাৰ মৃতদেহ৷ এই ঘটনা সন্দৰ্ভত অৱগত নহয় বুলি কয় এইমছৰ সঞ্চালক ডাঃ প্ৰভাত কুমাৰ সিঙে৷ আনহাতে আৰজেডিৰ নেতা লালু প্ৰসাদ যাদৱে নীতিশ কুমাৰ চৰকাৰক আক্ৰমণ কৰি বিহাৰৰ শিক্ষা, স্বাস্থ্য, আইন-শৃংখলা দুৰ্বল হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে৷