তেজপুৰঃ ভাৰতীয় প্ৰাচীন সভ্যতা-সংস্কৃতিত নাৰীক দেৱী জ্ঞান কৰা হয়। অসমীয়া সমাজতো নাৰীক এক শক্তি বুলি ভবা হয়। কেতিয়াবা যদি নাৰীক মা দুৰ্গা ৰূপ দিয়া হয় আন কেতিয়াবা আকৌ মা কালীৰ ৰূপতো কল্পনা কৰা হয় নাৰীক।
নাৰীক সৃষ্টিকাৰী, প্ৰাণদায়িনী বুলি ভবা হয়। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ ভিতৰত অসমত নাৰীক দেৱীৰ মৰ্য্যদা দিয়া হয়। ৰাজ্যখনত নাৰীক যথেষ্ট মৰ্য্যদা দিয়া হয় বুলি সুনাম আছে।
পৰিতাপৰ কথা এয়ে যে এনে সুনামৰ মাজতে শেহতীয়াকৈ ৰাজ্যখনত নাৰীজনিত অপৰাধ উদ্বেগজনকভাবে বৃদ্ধি পাবলৈ লৈছে। মাজনিশা দূৰৰে কথা, দিন-দূপৰতে নাৰী অসুৰিক্ষত। অকলশৰে ক'লৈকো যাব নোৱৰা হৈছে নাৰী।
নাৰী আজি ভীতিগ্ৰস্ত, আপোন বঙহকো বিশ্বাস কৰিব নোৱৰা পৰিৱেশ এটাৰ উদ্ভৱ হৈছে। নাৰীজনিত সমস্যাসমূহৰ পৰা সমূলঞ্চে পৰিত্ৰাণ বিচাৰি ৰাজপথলৈ ওলাই আহিল বৃহত্তৰ তেজপুৰ মহিলা ঐক্যমঞ্চ নামৰ অগ্ৰণী মহিলা সংগঠনটো।
মহিলা সংগঠনটোৰ নেতৃত্বত শতাধিক মহিলা কৰ্মীসকলে ৰাজপথলৈ ওলাই আহি পৰিৱেশ উত্তাল কৰি তোলে। গাৰ্হস্থ্য হিংসা, হত্যা-ধৰ্ষণকে ধৰি সমমৰ্যাদাৰ দাবীত প্ৰতিবাদ কৰি মহিলাসকল কোৰ্ট চাৰিআলিত অৱস্থান ধৰ্মঘটত বহে।
সমাজনৈতিক বিশ্লেষকসকলে যিভাবেই বিশ্লেষণ নকৰক কিয় চৰকাৰখন যে নাৰীজনিত অপৰাধ ৰোধত সম্পূৰ্ণৰূপে বিফল হৈছে সেয়া সকলোৱে একমুখে স্বীকাৰ কৰা পৰিলক্ষিত হৈছে। ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা নাৰীজনিত অপৰাধ অচিৰেই কঠোৰ হাতেৰে দমন নকৰিলে অনাগত দিনত ভয়াবহ ৰূপ লোৱাৰ আশংকাত এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যখনৰ নাৰীসকল।