ফটো সংগ্ৰহ,ইন্টাৰনেট

মুকালমুৱাঃ মুকালমুৱাৰ কঁচুৱা পথাৰত এগৰাকী গৰ্ভৱতী বোৱাৰীয়ে স্বামী গৃহত চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পোৱা মতে কঁচুৱা পথাৰ গাঁৱৰ মিণ্টু মেধিয়ে (২৫) চাৰি বছৰ পূৰ্বে চামতা গাঁৱৰ ৰিজু মেধিৰ (২৪) সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু আজি পুৱতি নিশা ৰিজুৰ মৃতদেহ স্বামী গৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

ৰিজুৰ পিতৃ-মাতৃয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে কঁচুৱা পথাৰ গাঁৱলৈ আহে৷ ৰিজুৰ পিতৃ-মাতৃ পাছে পাছে চামতা গাঁৱৰ বহু লোক আহি কঁচুৱা পথাৰ গাঁৱলৈ আহে।

পিতৃ মাতৃয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে।পিতৃ মাতৃয়ে পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰাৰ লগে লগে একাংশ লোকে ক্ষোভিত হৈ লণ্ড-ভণ্ড কৰে ৰিজুৰ স্বামীৰ গৃহ।

দৌলাশাল আৰু মুকালমুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াই তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

ৰিজু তিনি বছৰীয়া লৰা সন্তান এটি থকাৰ লগতে পাছ মাহৰ অন্তঃসত্ত্বা আছিল। ৰিজুয়ে আত্মহত্যা কৰিলে নে পৰিকল্পিতভাবে হত্যা কৰা হল এয়া আৰক্ষী প্ৰকৃত তদন্তত ওলাই পৰিব৷