গুৱাহাটীঃ চৰকাৰে ব্যাপক প্ৰচাৰ চলাই জন ধন যোজনা আৰম্ভ কৰি দেশৰ সকলো লোকক বেংক একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছিল৷ কেচ লেচ ব্যৱস্থাৰ সৈতে দেশৰ নাগৰিকক জৰিত কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিলেও দেশৰ নাগৰিকক বেংক ব্যৱস্থাৰ সৈতে সংযোগ কৰাত বেয়াকৈ বিফল হৈছে দেশৰ চৰকাৰ৷
ব্যাপক ধাক ঢোল বজাই জন ধন যোজনাৰ সৈতে নাগৰিকক জৰিত কৰিব বিচাৰিলেও বেংক ব্যৱস্থাৰ সৈতে দেশৰ নাগৰিকক জৰিত কৰাত বিফল হৈছে চৰকাৰ৷ প্ৰাপ্তবয়স্কৰ বেংক একাউণ্ট নথকা বিশ্বৰ দ্বিতীয় খন দেশ ভাৰত৷ ভাৰতৰ ১৯ কোটি প্ৰাপ্ত বয়স্কৰ নাই বেংক একাউণ্ট৷
বিশ্ব বেংকৰ ২০১৭ চনৰ বিশ্ব ফিণডেস্ক ৰিপৰ্ট মতে ভাৰতৰ বেংক একাউণ্টধাৰীৰ সংখ্যা ২০১১ চনত ৩৫ শতাংশ, ২০১৪ চনত ৫৩ শতাংশ আৰু ২০১৭ চনত ৮০ শতাংলৈ বৃদ্ধি হৈছে৷ ৰিপৰ্ট মতে দেশৰ ৮০ শতাংশ প্ৰাপ্তবয়স্কৰ লোকৰ বেংক একাউণ্ট আছে৷ বিশ্ব বেংকৰ ৰিপৰ্ট মতে জন ধন যোজনাৰ আৰম্ভ হোৱাৰ অন্তত ভাৰতত বেংক একাউণ্ট ব্যৱহাৰকাৰীৰ সংখ্যা কিছু বৃদ্ধি হৈছে৷
জন ধন যোজনাৰ অধীনত ২০১৭ চনৰ মাৰ্চ মাহলৈ বেংক একাউণ্ট আছিল ২৮.১৭ কোটি৷ ২০১৮ চনৰ মাৰ্চ মাহত এই সংখ্যা বৃদ্ধি হৈ ৩১.৪৪ কোটি হৈছে৷ চৰকাৰী বেংকত চেভিংচ একাউণ্টৰ সংখ্যা ২০১৫ চনৰ মাৰ্চ মাহলৈ ১২২.৩ কোটি৷ এই সংখ্যা বৃদ্ধি হৈ ২০১৭ চনৰ মাৰ্চ মাহলৈ ১৫৭.১ কোটি হৈছেগৈ৷
২০১৪ চনৰ পৰা ২০১৭ চনলৈ ভাৰতত জন ধন যোজনাৰ ২৮.১৭ কোটি বেংক একাউণ্ট খোলা হৈছে৷ ইয়াৰে ৮৩ শতাংশ পুৰুষ আৰু ৭৭ শতাংশ মহিলাই খুলিছে বেংক একাউণ্ট৷ আনহাতে এই প্ৰতিবেদনক সফল আখ্যা দিছে কেন্দ্ৰীয় চৰকাৰে৷ জন ধন যোজনা, মোবাইল বেংকিং আৰু আধাৰসহ এনডিএ চৰকাৰে বিশ্ব বেংকৰ প্ৰতিবেদনক সফল আখ্যা দিয়ে৷
কিন্তু এই প্ৰতিবেদনত বহু বিষয় সংপৃক্ত কৰা হোৱা নাই৷ প্ৰতিবেদন মতে ভাৰতৰ ১৯ কোটি লোকৰ বেংক একাউণ্ট নাই৷ তাৰ পৰা জানিব পৰা যায় যে ভাৰত বেংক একাউণ্ট নোহোৱা দেশৰ তালিকাত চীনৰ পিছত দ্বিতীয় স্থানত আছে৷ বিশ্ব বেংকৰ মতে দেশৰ ১১ শতাংশ লোকৰ বেংক একাউণ্ট নাই৷ ইমানে নহয় জন ধন যোজনাৰ বহু একাউণ্টৰ অস্তিত্বই নাই৷
বহু লোকে একাউণ্ট খুলিছে যদিও বেংক কৰ্তৃপক্ষই টকা বিভিন্ন অজুহাতত জমা টকা কাটি থকাৰ ফলত বহু লোকে বেংক একাউণ্ট চলাব এৰিছে৷ টকা উলিয়াবৰ সময়ত, থোৱাৰ সময়ত যধে-মধে টকা সৰকাই থকাৰ ফলত বহু দৰিদ্ৰ লোকে বেংক ব্যৱস্থাৰ পৰা আতৰি থকা পৰিলক্ষিত হৈছে৷