ডিজিটেল ডেস্কঃ অসমত এছিয়াৰ ভিতৰতে দীৰ্ঘতম দলং নিৰ্মাণ কৰি চৰ্চা লৈ অহা ভাৰত চৰকাৰে এইবাৰ বিশ্বৰ উচ্চতম পথটো নিৰ্মান কৰিলে জম্মু কাশ্মীৰৰ লাডাখত৷ লেহৰ পৰা ২৩০ কিলোমিটাৰ নিলগত চিচুম্লে আৰু ডেমচোক নামৰ দুখন ঠাইক সংযোগ কৰিব এই পথটোৱে।বৰ্ডাৰ ৰোড অৰ্গেনাইজেচন-এ ৮৬ কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ নিৰ্মাণ কৰিছে৷ এই অঞ্চল দুটা ইণ্ডো-পাক সীমান্তত৷
১৯.৩০০ ফুট উচ্চতাত এই পথটো উমলিংগ টপৰ সমীপৰে পাৰ হৈ যাব৷ চীন সীমান্তৱৰ্তী এই স্থানৰ প্ৰতিৰক্ষাৰ দিশৰ পৰা অতি গুৰুত্বপুৰ্ণ আৰু এই পথটোৱে হৈছে বিশ্বৰ উচ্চতম যানবাহন চলাচল কৰা পথ৷
বি আৰ অ’ৰ ব্ৰিগেডিয়েৰ ডিএম পুৰ্বিমাথে শুকুৰবাৰে ‘প্ৰজেক্ট হিমাংক’ৰ অধিনত পথটাৰ নিৰ্মাণ সম্পুৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে আৰু লগতে ইমান উচ্চতাত কাম কৰটো সহজসাধ্য নাছিল বুলি কৈ মাইনাচ ১০ ৰ পৰা ৪০ ডিগ্ৰীত জীৱন আৰু মৰণৰ সৈতে যুজি কাম কৰা বুলি কয়।