হীৰক জ্যোতি শৰ্মা,গুৱাহাটীঃ সোমবাৰে পুৱা ৬ বাজি ০১ মিনিটত GMCHত শেষ নিশ্বাস ত্যাগ কৰে।
সোমবাৰে পুৱা ৬.০১ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কথাশিল্পীগৰাকীয়ে। ২০০৭ত 'শান্তনুকুলনন্দন' উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা পূৰবী বৰমুদৈয়ে ২০১১ত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।
প্ৰবীণা শইকীয়া বঁটাকে ধৰি বহু বঁটা, সন্মানেৰে বিভূষিত হৈছিল বৰমুদৈ। ১৯৫০ৰ ৮ মে'ত তেজপুৰৰ দেউৰীগাঁৱত জন্মলাভ কৰা প্ৰথিতযশা সাহিত্যিকগৰাকীয়ে প্রথম অৱস্থাত শিক্ষকতা কৰিছিল যদিও সাহিত্য চৰ্চাত মনোনিৱেশ কৰাৰ বাবে তেওঁ চাকৰি ত্যাগ কৰে।
১৯৭৬ত বিশিষ্ট শিক্ষাবিদ, সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ আনন্দ বৰমুদৈৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কবিতা ৰচনাৰে সাহিত্যিক জীৱন আৰম্ভ কৰা পূৰবী বৰমুদৈয়ে পৰৱৰ্তী সময়ত চুটিগল্প আৰু উপন্যাস ৰচনাৰে প্ৰতিষ্ঠা লাভ কৰে। ১৯৯৯ত প্ৰকাশ পায় তেওঁৰ প্ৰথম উপন্যাস গজৰাজ প্ৰেম আৰু বন্দিত্ব।
মৃত্যুৰ পূৰ্বে দেহদান কৰি গৈছিল প্ৰখ্যাত লেখিকাগৰাকীয়ে।
বিশিষ্ট সাহিত্যিকগৰাকীয়ে মৃত্যুৰ পূৰ্বে তেওঁৰ চকু আৰু দেহ চিকিৎসা বিজ্ঞানৰ সহায়ক হোৱাকৈ দান কৰি গৈছে। অসম সাহিত্য সভাৰ ‘বাসন্তি বৰদলৈ’ বঁটা প্ৰাপক প্ৰখ্যাত সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগত অসম সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ।
অসমীয়া ভাষা-সাহিত্যলৈ অসামান্য অৱদান আগবঢ়োৱা প্ৰয়াত কথাশিল্পীগৰাকীৰ অনন্য সাহিত্যসৃষ্টি অসমীয়া সাহিত্যৰ ইতিহাসত চিৰকাল জিলিকি ৰ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে এক শোকবাৰ্তা যোগে মন্তব্য কৰিছে। পূৰবী বৰমুদৈৰ বিয়োগ অসমৰ বৌদ্ধিক জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। শোক প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশ লিটেৰেৰী ছ'চাইটিকে ধৰি বিভিন্ন দল-সংগঠনে।