ডিজিটেল ডেস্কঃ ভাৰতৰ বজাৰৰ বৰ্তমানৰ আগশাৰীৰ স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠান জিঅ’মিয়ে প্ৰত্যেক এক ছেকেণ্ডত নিৰ্মাণ কৰিব এটাকৈ ফোন৷ প্ৰতিষ্ঠানটোৰ ভাৰতৰ সঞ্চালক মনু কুমাৰ জৈনে প্ৰকাশ কৰিছে এই কথা৷
মঙলবাৰে দিল্লীত ৰেডমী ৪ মুকলি কৰা অনুষ্ঠানত এই কথা উল্লেখ কৰিছে সঞ্চালকজনে৷ উল্লেখযোগ্য যে কম দামতেই বেছি ফিচাৰ থকা ম’বাইলেৰে আঢ়ৈ বছৰৰ ভিতৰতে দেশৰ বজাৰ দখল কৰিছিল প্ৰতিষ্ঠানটোৱে৷জিঅ’মি ফোনবোৰ প্ৰায়ে আউট অব ষ্টক থাকে বুলি গ্ৰাহকে অভিযোগ উত্থাপন কৰে বুলি সাংবাদিকে কোৱাৰ পিছতেই তেও কয় যে ভাৰতত থকা জিঅ’মিৰ দুইটা কাৰখানাত প্ৰত্যেক ছেকেণ্ডত ফোন নিৰ্মান কৰিব পাৰে প্ৰতিষ্ঠানটোৱে৷
তদুপৰি অতি সোনকালে ডিষ্ট্ৰিবীউছন ষ্টোৰৰ জৰিয়তেও জিঅ’মি বিক্ৰী হ’ব বুলি প্ৰকাশ কৰিছে সঞ্চালকজনে৷তদুপৰি বেংগালুৰুৰ পিছতে দিল্লী,চেন্নাই,হায়দাৰাবাদ আৰু মুম্বাইত প্ৰতিষ্ঠানটোৱে ব্যৱসায় সম্প্ৰাসাৰণ কৰিব বুলি উল্লৈখ কৰিছে সঞ্চালকজনে৷