ঢেকীয়াজুলিঃ ২১জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ৰাষ্ট্ৰসংঘই ঘোষণা কৰাৰে যোগৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷
আজিও তৃতীয় বাৰ্ষিক যোগ দিৱস উপলক্ষে শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইৰ লগতে ঢেকীয়াজুলিৰ মিছামাৰীস্থিত ভাৰতৰ দ্বিতীয় বৃহৎ সেনা চাউনীত যোগ দিৱস পালন কৰা হয়৷
সেনা চাউনীৰ বৃহৎ প্ৰেক্ষাগৃহত সেনাৰ ব্লাজিং চৌৰড ডিভিজনে অনুষ্ঠিত কৰা যোগৰ অনুষ্ঠানটি পুৱা ৬বজাৰ পৰা অাৰম্ভ হয়৷ এহেজাৰ সেনা জোৱানৰ তেওঁলোকৰ পৰিয়ালে এঘন্টাজোৰা যোগ প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে ৷
যোগৰ এই অনুষ্ঠাটি পৰিচালনা কৰে ডিব্ৰুগড়ৰ আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ সঞ্চালক হেমন্ত গগৈয়ে৷ সেনা বাহিনীৰ তেজপুৰ ফ’ৰ ক’ৰৰ জিঅ’চি বিষয়া মেজেৰ জেনেৰেল পিএন আনণ্ঠনাৰায়ণনে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যোগাভ্যাসে মানুহৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ সৱল কৰি ৰাখে বুলি কয়৷
আমি সেনাবাহিনীৰ প্ৰতিগৰাকী লোকেই এই যোগাভ্যাসত বৰ্তী থাকিবলৈ চেষ্টা কৰি আহিছো আৰু সকলোকে আহ্বান জনাইছো যোগৰ জৰিয়তে নিজকে সুস্থ হৈ থাকক৷