ডিজিটেল ডেস্কঃ মন্ত্ৰীৰ-আমোলাৰ কনভয় আৰু ভাৰত বৰ্ষ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ভিআইপি সংস্কৃতিৰ বাবে বিখ্যাত আমাৰ দেশ ভাৰত। তাৰ মাজতে যোগী আদিত্য নাথৰ এগৰাকী মন্ত্ৰীৰ কনভয়ে কাঢ়ি নিলে এটি ৮ বছৰীয়া শিশুৰ প্ৰাণ।
উত্তৰপ্রদেশেৰ মন্ত্রীৰ কনভয়ৰ খুন্দাত মৃত্যু আঠ বছৰীয়া শিশুটোৰ মৃত্যু হোৱাৰ পিছতে শনিবাৰে উত্তাল হৈ পৰে উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ পৰশপুৰ। উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ মন্ত্রীসভাৰ গুৰুত্বপূর্ণ সদস্য ওম প্রকাশ ৰাজভৰৰ কনভয়ৰ এখন গাড়িয়ে শিশুটিক খুন্দা মাৰে।
ঘটনাস্থলিতেই মৃত্যু হয় সেই শিশুটিৰ। এই ঘটনাৰ তদন্তৰ নির্দেশ দিছে আদিত্যনাথে। গোণ্ডাৰ কোলোনেলগঞ্জৰ পৰশপুৰৰ সংযোগকাৰী পথৰ দাতিত বহি খেলি আছিল শিৱ গোস্বামী নামৰ শিশুটোৱে। শিশুটোক লক্ষ্য নকৰাৰ বাবেই খুন্দা মাৰে উত্তৰপ্রদেশৰ উন্নয়ন মন্ত্রী ওম প্রকাশ ৰাজভৰৰ কনভয়ৰ এখন গাড়ীয়ে।
শিশুটিক খুন্দা মাৰি কনভয় নৰখাকৈ গুচি যায় বুলি অভিযোগ কৰে প্রত্যক্ষদর্শীয়ে৷ এই ঘটনাৰ উচ্চ পর্যায়ৰ তদন্তৰ নির্দেশ দিয়াৰ লগতে মৃত শিশুৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে আদিত্য নাথে। আৰক্ষীয়ে দুর্ঘটনাৰ বিষয়টো প্রথমে গাপ দিয়াৰ চেষ্টা কৰিছিল বুলি অভিযোগ মৃত শিশুৰ পৰিয়ালৰ লোকৰ।