অভয়াপুৰীঃ চৰকাৰ-প্ৰশাসন আইন-শৃংখলা পৰিস্থিতি যিমানেই উন্নত হোৱা বুলি দাবী দাবী নকৰক কিয় বাস্তৱত দেখা গৈছে এখন সম্পূৰ্ণ বিপৰীত ছবি।
নিশাৰ কথাটো বাদেই সম্প্ৰতি দিনৰ ভাগতো সুৰক্ষিত নহয় সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তি। তেনে এক ঘটনাই সংঘটিত হ'ল অভয়াপুৰীত।
প্ৰাপ্ত বাতৰি মতে, আজি দুপৰীয়া প্ৰায় ২ বজাত বঙাইগাওঁ জিলাৰ অভয়াপুৰীস্থিত অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মুখত থকা এছ বি আইৰ এ টি এমত এগৰাকী মহিলাই টকা উলিয়াবলৈ শাৰী পাতি আছিল। সেই সময়তে অভয়াপুৰী থানাৰ অন্তৰ্গত ডুমুৰীয়া ২য় খণ্ডৰ ৰেজাউল আহমেদ ওৰফে বিপুল আহমেদে এ টি এম কাৰ্ডখন কাঢ়ি লৈ মহিলাগৰাকীক পাছৱৰ্ডটো দিবলৈ বাধ্য কৰে।
অভয়াপুৰীৰ মেধীপাৰাৰ কাবেৰী সিংহ নামৰ মহিলাগৰাকীৰ পৰা এটিএম কাৰ্ড কাঢ়ি লৈ ধন উলিয়াবলৈ ধৰোতেই দৃশ্যটো প্ৰত্যক্ষ কৰি তাত উপস্থিত থকা ৰাইজে যুৱক জনক আটক কৰি উত্তম-মাধ্যম শোধায়।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। পিছত খবৰ পায় অভয়াপুৰী আৰক্ষী ততালিকে ঘটনাস্থলীত উপস্থিত হৈ ৰেজাউল আহমেদ নামৰ যুৱকজনক আৰক্ষী থানালৈ লৈ আহে।
ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে অভয়াপুৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ইফালে দিন-দুপৰতে এনেকৈ মহিলা এগৰাকীৰ পৰা এটিএম কাঢ়ি লৈ ধন উলিয়াবলৈ অপচেষ্টা চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।