বোকাজানঃ ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱালে জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অসমৰ দৰিদ্ৰ যুৱকে৷ যোৱা ১৭ মে'ত বৈঠালাংছ' আৰক্ষী থানাৰ অন্তৰ্গত এডেনবাৰীৰ ছাৰলিং তিছ' গাঁৱৰ ৰবীনচন টেৰণ (২২)-এ স্থানীয় আন পাঁচজন যুৱকৰ সৈতে মধ্য প্ৰদেশৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা ৰেলেৰে যাত্ৰা কৰিছিল৷

যাত্ৰাপথত মধ্য প্ৰদেশৰ কোনো এক ৰেল আস্থানত ৰেলখন ৰখোৱাত ৰবিনচনে পানী অনাৰ উদ্দেশ্যে ৰেল আস্থানৰ পকী ভেটিৰ বিপৰীত দিশে নামি যোৱাত আন এটা ৰেল লাইনত আহি থকা ৰেল এখনে তেওঁক মহতিয়াই নিয়াত যুৱকজনে থিতাতে মৃত্যু হয়৷

ৰেলৰ খুন্দাত ৰবীনচনৰ দেহৰ কোনো চিনচাব নোহোৱাত যাত্ৰাৰ সহযাত্ৰী বন্ধু কেইজনে তেওঁৰ শৰীৰৰ অৱশিষ্ট কিছু অংশহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ৰবীনচনৰ মৃত্যুৰ খবৰ তেওঁৰ গাঁৱত বিয়পি পৰাত পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে৷