Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

News Next One , বিশ্বনাথ চাৰিআলি, ২৫ছেপ্তম্বৰঃ নগাওঁ জিলাৰ চাপানালা চাওঁতালবস্তিৰ নিবাসী বিশিষ্ট সমাজকৰ্মী . শিক্ষক শেখৰ মাঝিৰ ৮০ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁ আমনি হাইস্কুলৰ হিন্দী শিক্ষক ৰূপে দীৰ্ঘদিন ধৰি শিক্ষকতা কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়ীত হৈ সমাজ সেৱাত আত্মনিয়োগ কৰিছিল ৷ সাহিত্যৰ চৰ্চাতো তেওঁৰ এক সুনাম আছে ৷ ইতিমধ্যে তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে ৷ বিশেষকৈ চাওঁতাল জনগোষ্ঠীৰ উত্তৰণত বিশেষ ভুমিকা পালন কৰা মাঝিয়ে এচেকা সংগঠনৰ প্ৰতিষ্ঠাপক হিচাবে জড়িত হৈ দক্ষতাৰে সমাজহৈতেষী কামসমুহ কৰি সকলোৰে প্ৰিয়ভাজন হবলৈ সক্ষম হয় ৷ পৰামৰ্শ দাতা , সহজ সৰল মনৰ অধিকাৰী মাঝিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম চাওঁতালী সাহিত্য পৰিষদে ৷ বিশেষকৈ চাওঁতাল সমাজৰ বাবে তেওঁৰ মৃত্যু অপুৰণীয় ক্ষতি বুলি অভিহিত কৰিছে কেন্দ্ৰীয় সমিতিৰ সভাপতি ডম্বৰুধৰ চৰেণে ৷ এগৰাকী সাহিত্যনুৰাগীক হেৰুৱালো বুলি গভীৰ ভাবে শোক প্ৰকাশ কৰা পৰিষদৰ উপসভাপতি ভোলানাথ মাঝি কাৰ্যকৰী সভাপতি গেব্ৰিয়েল মুৰ্মু , প্ৰধান সম্পাদক ৰমেশ চন্দ্ৰ চৰেণ , সহকাৰী সম্পাদক স্বপন হাসদা সহ কেইবাগৰাকী বিষয়ববীয়াই শোক প্ৰকাশ কৰি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই ৷আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ