ডিজিটেল ডেস্কঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এক ৰায়ক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। এই ৰায়ৰ পিছতে ন্যায়পালিকাৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈ পৰিছে দেশবাসীয়ে। উৎকোচ লৈ বিচাৰপতিয়ে ৰায়দান কৰা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছতে সৃষ্টি হৈছে এনে অনাহূত পৰিস্থিতিৰ।
প্ৰাপ্ত বাতৰি মতে, উত্তৰ প্ৰদেশৰ সমাজবাদী দলৰ প্ৰাক্তন মন্ত্ৰী গায়ত্ৰী প্ৰজাপতিয়ে ধৰ্ষণৰ গোচৰত জামিন লাভ কৰিবলৈ বিচাৰপতিক ১০কোটি টকা উৎকোচ দিছিল বুলি অভিযোগ উত্থাপিত হৈছে৷ কেৱল এগৰাকীয়ে নহয় বহুকেইগৰাকী শীৰ্ষ বিচাৰপতি আৰু বিষয়া জড়িত আছিল এই কাৰ্যত৷
আজি এলাহবাদ উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি দিলীপ বি ভোছলে প্ৰজাপতিয়ে কেনেকৈ জামিন লাভ কৰিছিল উক্ত বিষয়ত তদন্তৰ নিৰ্দেশ দিয়ে৷ ভোছলেৰ ৰিপ'ৰ্টত প্ৰকাশ পাইছে যে অ' পি মিশ্ৰা নামৰ যিগৰাকী বিচাৰপতিয়ে প্ৰজাপতিক জামিন দিছিল তেওঁক উক্ত ঘটনাৰ বিচাৰৰ ৩সপ্তাহ পূৰ্বে সেই আদালতৰ বিচাৰক হিচাবে নিযুক্ত দিয়া হৈছিল৷
তদন্তৰ ৰিপ'ৰ্টত এই কথাও প্ৰকাশ পাইছে যে উক্ত ১০ কোটিৰ ৫ কোটি মধ্যস্থতাকাৰী ৩গৰাকী আইনজীৱীয়ে লৈছিল৷ বাকী ৫কোটি অ' পি মিশ্ৰা আৰু জিলা বিচাৰপতি ৰাজেন্দ্ৰ সিঙে লৈছিল৷
উল্লেখ্য যে চলিত বৰ্ষৰ ১৭ ফ্ৰেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ধমকত ধৰ্ষণৰ অভিযোগত গায়ত্ৰী প্ৰজাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছিল উত্তৰ প্ৰদেশ আৰক্ষী। প্ৰায় এমাহ পলাই থকাৰ পিছত ১৫মাৰ্চত গ্ৰেপ্তাৰ হৈছিল মন্ত্ৰীজন। ২৪এপ্ৰিলত জামিনৰ বাবে আবেদন কৰিছিল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ ৩দিন পিছতে ২৭ এপ্ৰিলত প্ৰজাপতিয়ে লাভ কৰিছিল জামিন৷