anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই দিল্লীত একেটা পৰিয়ালৰে ১১ জন লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ ৭গৰাকী মহিলা আৰু ৪গৰাকী পুৰুষ সহ মুঠ ১১গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে সকলোকেইটা মৃতদেহ চিপ লৈ ওলমি আছিল৷ দিল্লীৰ সন্ত নগৰত ২ নং কলনিত সংঘটিত হৈছে এই ঘটনা৷

উদ্ধাৰ হোৱা মৃতদেহ কেইটা একেটা পৰিয়ালৰ বুলি আৰক্ষীয়ে কয়৷ আটাইকেইজনৰে মুখত কাপোৰ বান্ধি থোৱা অৱস্থাত আছিল৷ পৰিয়ালটোৱে দোকানৰ আচবাব বিক্ৰী কৰা এখন ব্যৱসায় প্ৰতিষ্ঠান আছিল৷

কেনেদৰে এই ঘটনা সংঘটিত হ’ল সেই কথা এতিয়ালৈ পোহৰলৈ অহা নাই৷ ১১গৰাকী লোকৰ মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পৰে৷ একাংশ সংবাদ মাধ্যমৰ মতে এয়া গণ আত্মহত্যা হ’ব পাৰে৷ কিন্তু প্ৰকৃত সত্য মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ওলাব৷ প্ৰাথমিক অৱস্থাত এয়া গণ আত্মহত্যা বুলিয়ে ভবা হৈছে৷